আজি দেশজুৰি আয়োজন কৰা হৈছে সেৱা জ্যোতি কলহ যাত্ৰা।
শিৱসাগৰ, ০৭ অক্টোবৰ (হি.স.)। আজি দেশজুৰি আয়োজন কৰা হৈছে সেৱা জ্যোতি কলহ যাত্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ তথা প্ৰশাসনিক মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজ ৭ অক্টোবৰত দেশজুৰি সেৱা জ্যোতি কলহ যাত্ৰা আয়োজন কৰা হৈছে। সেৱা জ্য
আজি দেশজুৰি আয়োজন কৰা হৈছে সেৱা জ্যোতি কলহ যাত্ৰা।


শিৱসাগৰ, ০৭ অক্টোবৰ (হি.স.)। আজি দেশজুৰি আয়োজন কৰা হৈছে সেৱা জ্যোতি কলহ যাত্ৰা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ তথা প্ৰশাসনিক মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজ ৭ অক্টোবৰত দেশজুৰি সেৱা জ্যোতি কলহ যাত্ৰা আয়োজন কৰা হৈছে।

সেৱা জ্যোতি কলহ যাত্ৰাৰ উদ্দেশ্য - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-শাসন আৰু জনসেৱাৰ সফল ২৫ বছৰ উদযাপন কৰা।

২০০১ চনৰ ৭ অক্টোবৰ দিনটোতে প্ৰথমবাৰলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

সমগ্ৰ দেশৰ লগতে শিৱসাগৰৰ বৰ্ডিং ফিল্ডত আয়োজন কৰা হয় সেৱা জ্যোতি কলহ যাত্ৰাৰ ।

উপস্থিত থাকে মন্ত্ৰী সুশান্ত বৰগোহাঁই , নাজিৰা সমষ্টিৰ বিধায়ক ময়ুৰ বৰগোহাঁই , লগতে শিৱসাগৰ জিলাৰ বিষয়ববীয়াসকল ।

নাজিৰা সমষ্টিৰ দিখৌৰ কাষৰ যিবোৰ স্থানত মাথাউৰি নাছিল সেই স্থান সমূহত মাথাউৰি হব ।

মাথাউৰি নিৰ্মাণৰ বাবে ১১২ কোটিৰ নিবিদা ইতিমধ্যে আৰম্ভ হৈছে ।

শিৱসাগৰ যিসমূহ পানী আৱদ্ধ হৈ থাকে সেই সমূহ নিষ্কাষণৰ বাবে এটা পাম্প হাউচ শিৱসাগৰত হোৱাৰ সম্ভাৱনা আছে।

লগতে দৰিকা কাষত যিহেতু বহু মানুহৰ ঘৰ আছে সেইবাবে মথাউৰি নিৰ্মাণ কৰিব পৰা নাযাব । দৰিকাৰ দুয়োকাষে ৫ কিলোমিটাৰ গাৰ্ড ৱাল হব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande