নিয়ম নমনা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ হৈছে শিক্ষা বিভাগ
ধুবুৰী, ০৭ অক্টোবৰ (হি.স.)। নিয়ম নমনা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ হৈছে শিক্ষা বিভাগ । ৰাজ্যৰ ২৫ খন জিলাৰ ডেৰ শতাধিক ব্যক্তিগত বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতে বিদ্যালয়সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। সমান্তৰালকৈ গোলকগঞ্জৰ স
নিয়ম নমনা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ হৈছে শিক্ষা বিভাগ


ধুবুৰী, ০৭ অক্টোবৰ (হি.স.)। নিয়ম নমনা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ হৈছে শিক্ষা বিভাগ ।

ৰাজ্যৰ ২৫ খন জিলাৰ ডেৰ শতাধিক ব্যক্তিগত বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতে বিদ্যালয়সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

সমান্তৰালকৈ গোলকগঞ্জৰ সত্ৰশাল জাতীয় বিদ্যালয়কে ধৰি ধুবুৰী জিলাৰো ১১ খন ব্যক্তিগত বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ নিৰ্দেশনা দিয়াত শিক্ষাৰ্থী- অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতি ।

প্ৰয়োজনীয় নীতি-নিয়ম আৰু চৰ্ত পূৰণ নকৰাৰ অভিযোগ । গুণগত মান, আন্তঃগাঁথনি, প্ৰশাসনিক ব্যৱস্থা, স্বীকৃতিৰ চৰ্তসমূহ পূৰণ কৰাটো বাধ্যতামূলক নিৰ্দেশনা দিয়াৰ পাছতো একাংশ বিদ্যালয়ে মানি নচলে নিয়ম । ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জীৱন জ্যোতি বৰুৱাই। এই বিদ্যালয়সমূহত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ কি হ’ব? ইমান দিনে এই বিদ্যালয়সমূহ চলি আছিল কেনেকৈ? বিদ্যালয়ৰ ভুলৰ শাস্তি যাতে শিক্ষাৰ্থীয়ে ভোগ কৰিবলগীয়া নহয় সেই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনালে আছুয়ে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande