সৰ্থেবাৰীৰ গোপীনাথ নগৰত ৪২তম পল্লা-নামশলা শাৰদীয় দুৰ্গাপূজাৰ মূল আকৰ্ষণ হ’ল সুউচ্চ ৰাৱণ বধ
বজালী, ০৭ অক্টোবৰ (হি.স.)। সৰ্থেবাৰীৰ গোপীনাথ নগৰত ৪২তম পল্লা-নামশলা শাৰদীয় দুৰ্গাপূজাৰ পুৰ্ণ প্ৰস্তুতিত উদযাপন সমিটি৷মূল আকৰ্ষণ হ’ল সুউচ্চ ৰাৱণ বধ l ধৰালৈ নামিবলৈ সাজু হৈছে মা দুৰ্গা। শাৰদীয় দুৰ্গাপূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত
সৰ্থেবাৰীৰ গোপীনাথ নগৰত ৪২তম পল্লা-নামশলা শাৰদীয় দুৰ্গাপূজাৰ মূল আকৰ্ষণ হ’ল সুউচ্চ ৰাৱণ বধ


বজালী, ০৭ অক্টোবৰ (হি.স.)। সৰ্থেবাৰীৰ গোপীনাথ নগৰত ৪২তম পল্লা-নামশলা শাৰদীয় দুৰ্গাপূজাৰ পুৰ্ণ প্ৰস্তুতিত উদযাপন সমিটি৷মূল আকৰ্ষণ হ’ল সুউচ্চ ৰাৱণ বধ l

ধৰালৈ নামিবলৈ সাজু হৈছে মা দুৰ্গা। শাৰদীয় দুৰ্গাপূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত সমগ্ৰ ৰাজ্যতে পূজা উৎসৱক লৈ সৃষ্টি হৈছে এক উখল-মাখল পৰিবেশ। ইয়াৰ সমান্তৰালভাৱে সৰ্থেবাৰী নামশলাৰ গোপীনাথ নগৰতো ৪২তম ‘পল্লা-নামশলা শাৰদীয় দুৰ্গাপূজা’ অতি জাকজমকতাৰে অনুষ্ঠিত কৰিবলৈ আহ্বায়ক সমিতিয়ে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে।

মা দুৰ্গাৰ মৰ্ত্য আগমনক লৈ বৈচিত্ৰ্যময় ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে পূজাখন আয়োজন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।এই পূজাৰ অন্যতম প্ৰধান আকৰ্ষণ হৈছে ‘সুউচ্চ ৰাৱণ বধ’। দুৰ্গাপূজাৰ মূল থলীতে ধামখুমীয়াৰে সম্পন্ন কৰা হ’ব এই বিশেষ কাৰ্যসূচী।

ইয়াৰ উপৰিও প্ৰতিদিনে দৰ্শকক মুগ্ধ কৰিবলৈ ভ্ৰাম্যমাণ যাত্ৰা দলৰ নাট প্ৰদৰ্শন, মনোগ্ৰাহী সাংস্কৃতিক অনুষ্ঠানৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে মুকলি কুইজ, নৃত্য আৰু সংগীত প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা হৈছে। বৈচিত্ৰ্যপূৰ্ণ ধৰ্মীয় ৰীতি-নীতি আৰু আনন্দ-উল্লাসেৰে ৪২তম বৰ্ষৰ এই পূজাক স্মৰণীয় কৰি তুলিবলৈ উদ্যাপন সমিতি সম্পূৰ্ণভাৱে সাজু হৈ উঠিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande