
শোণিতপুৰ, ০৭ অক্টোবৰ (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰ শাৰদীয় দুৰ্গোৎসৱ সজাগতা সভা : সমজিলা আৰক্ষী অধীক্ষকৰ অংশগ্ৰহণ।
শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ উদ্যোগত স্থানীয় সীমান্ত মিলন সংঘৰ প্ৰেক্ষাগৃহত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে থানাৰ অন্তৰ্গত পূজা উদযাপন সমিতিৰ বিষয়ববীয়া , গাঁওৰক্ষী বাহিনী, আৰু গাও প্ৰধান সকলক লৈ এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। গাঁওৰক্ষী বাহিনীৰ থানা সমিতিৰ সভাপতি মোহন উপাধ্যায়ে আত ধৰা অনুষ্ঠানত নদুৱাৰ সমজিলা আৰক্ষী অধীক্ষক লিন্টু বৰুৱা , চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শতীষ চাহু , গাঁওৰক্ষী বাহিনীৰ চক্ৰ বিষয়া পায়েল সেন গুপ্তই শাৰদীয় দূৰ্গা পূজা উপলক্ষে পূজা উদযাপনৰ সময়চোৱাত পূজা উদযাপন সমিতিয়ে পালন কৰিবলগীয়া চৰকাৰী নীতি নিৰ্দেশনা সন্দৰ্ভত বক্তব্য আগবঢ়ায.।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু