নগাঁও লোকসভা উপ-নিৰ্বাচনত ব্যাপক ৰিগিং আৰু অনিয়মৰ অভিযোগ সাংসদ ৰকিবুল হুছেইনৰ, পুনৰ ভোটগ্ৰহণৰ দাবী
গুৱাহাটী, ০৭ অক্টোবৰ (হি.স.)। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াত ব্যাপক অনিয়ম, ৰিগিং, বিৰোধীৰ ওপৰত আক্ৰমণ আৰু প্ৰশাসনিক পক্ষপাতিত্ব সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে। আজি নগাঁৱত অন
নগাঁও লোকসভা উপ-নিৰ্বাচনত ব্যাপক ৰিগিং আৰু অনিয়মৰ অভিযোগ সাংসদ ৰকিবুল হুছেইনৰ, পুনৰ ভোটগ্ৰহণৰ দাবী


গুৱাহাটী, ০৭ অক্টোবৰ (হি.স.)। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াত ব্যাপক অনিয়ম, ৰিগিং, বিৰোধীৰ ওপৰত আক্ৰমণ আৰু প্ৰশাসনিক পক্ষপাতিত্ব সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে। আজি নগাঁৱত অনুষ্ঠিত এক জৰুৰী সংবাদমেলত উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়িকা শিৱামণি বৰা আৰু নগাঁও জিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী ৰুণুমনি বৰাৰ উপস্থিতিত সাংসদগৰাকীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত নিৰ্বাচন আয়োগৰ তৎকালীন হস্তক্ষেপ দাবী কৰে।

গণতন্ত্ৰৰ সুৰক্ষা আৰু সাধাৰণ ভোটাৰৰ অধিকাৰ ৰক্ষাৰ প্ৰতি কংগ্ৰেছ দল সদায় দায়ৱদ্ধ বুলি উল্লেখ কৰি তেওঁ কয় যে এই উপ-নিৰ্বাচনত নিকা ব্যৱস্থাক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰা হৈছে।

সংবাদমেলত সাংসদ ৰকিবুল হুছেইনে নগাঁও জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী দেবাশীষ শৰ্মাক লক্ষ্য কৰি বিস্ফোৰক মন্তব্য কৰে। তেওঁ অভিযোগ কৰে যে জিলাখনৰ উপায়ুক্ত হিচাপে অধিষ্ঠিত হৈ থকা সময়ত দেবাশীষ শৰ্মাই মুখ্য নিৰ্বাচনী বিষয়াৰ (চি ই অ’) প্ৰতিনিধিৰ সৈতে মিলি নিৰ্বাচন পৰিচালনাৰ যাবতীয় ব্যৱস্থা কৰিছিল আৰু কোন আৰক্ষী বা কোন নিৰ্বাচনী বিষয়া ক’ত নিয়োজিত হ’ব, সেই সকলোবোৰ নিজে ঠিক কৰিছিল। কিন্তু নিৰ্বাচন ঘোষণাৰ মাত্ৰ কিছুদিন পূৰ্বে তেওঁ পদত্যাগ কৰি বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয়। এই সন্দৰ্ভত নিৰ্বাচন আয়োগক পূৰ্বতেই লিখিতভাৱে অৱগত কৰা হৈছিল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, “ইমান দিনে আমি ভূতৰ ভোট বা বুথ দখলৰ কথা শুনি আছিলোঁ, কিন্তু এইবাৰ আমাৰ গোটেই ইলেকচন প্ৰচেছটোকে চুৰি কৰি লৈ যোৱা হ’ল।

এজন অপৰাধ বিশেষজ্ঞই তৈয়াৰ কৰাৰ দৰে এক ব্লুপ্ৰিণ্ট সাজি বিজেপি আৰু প্ৰশাসনে মিলি এই ষড়যন্ত্ৰ ৰচিলে।” নিৰ্বাচন আয়োগে বিষয়টো তদন্তৰ আশ্বাস দিছিল যদিও শেষত দেবাশীষ শৰ্মাই দায়িত্ব দি যোৱা বিষয়া আৰু একেই প্ৰক্ৰিয়াৰেই নিৰ্বাচন অনুষ্ঠিত কৰা হ’ল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

নিৰ্বাচনী প্ৰচাৰ আৰু ভোটগ্ৰহণৰ সময়ত বিৰোধী দলৰ প্ৰাৰ্থী আৰু নেতাসকলৰ ওপৰত চলোৱা দমন-পীড়নৰ খতিয়ান দাঙি ধৰি সাংসদগৰাকীয়ে কয় যে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈ, বিধায়ক তানজিল হুচেইন আৰু প্ৰাৰ্থী শিৱামণি বৰাৰ সৈতে তেওঁলোকে নিৰ্বাচনী কামত গৈ থকা অৱস্থাত প্ৰশাসনৰ সন্মুখতে আক্ৰমণ চলোৱা হৈছিল। এই আক্ৰমণৰ পূৰ্বে তেওঁ নিজে নতুন ৰিটাৰ্ণিং বিষয়াক কমেও ৩০ বাৰ আৰু আৰক্ষী অধীক্ষকক ফোন কৰি অৱগত কৰিছিল। এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে নিৰাপত্তাৰ আশ্বাস দিয়াৰ পাছতো আৰক্ষীৰ উপস্থিতিতেই মাৰণাস্ত্ৰ লৈ আক্ৰমণ চলোৱা হৈছিল, যাৰ ফলত মহিলা প্ৰাৰ্থী শিৱামণি বৰা চৰম আতংক আৰু মানসিক চাপত ভুগিবলগীয়া হৈছিল। আনকি ২ অক্টোবৰত গান্ধীজীৰ প্ৰতিমূৰ্তিৰ সন্মুখত সেৱাদলৰ কৰ্মীসকলে কৰিবলৈ লোৱা অনশন কাৰ্যসূচীও মুখ্যমন্ত্ৰী অহাৰ দোহাই দি আৰক্ষী লগাই বলপূৰ্বক উঠাই দিয়া হৈছিল বুলি তেওঁ অভিযোগ কৰে। তদুপৰি চামগুৰি সমষ্টিৰ যিকোনো সভালৈ গ’লেই বিধিনিষেধ আৰোপ কৰা হৈছিল আৰু চৰকাৰী বিষয়াসকলে মন্ত্ৰীৰ নিৰ্দেশত হাত-ভৰি বন্ধা বুলি অসহায়তা প্ৰকাশ কৰিছিল বুলি তেওঁ উল্লেখ কৰে।

ভোটগ্ৰহণৰ আগনিশা আৰু ভোটদানৰ দিনা সংঘটিত বুথ দখলৰ বিশদ বিৱৰণ দি সাংসদ হুছেইনে কয় যে নিৰ্বাচনী বিধি অনুসৰি প্ৰচাৰ শেষ হোৱাৰ পাছত সমষ্টিৰ বাহিৰৰ কোনো ব্যক্তি তাত থাকিব নোৱাৰে। কিন্তু ভোটদানৰ আগনিশা বিজেপিৰ বিধায়ক জিতু গোস্বামীয়ে এগৰাকী প্ৰাক্তন ছালফাক লগত লৈ চামগুৰিৰ হাতীপুখুৰী ভোটকেন্দ্ৰত প্ৰৱেশ কৰিছিল। জিলা কংগ্ৰেছে এই সন্দৰ্ভত লিখিত অভিযোগ দিয়াৰ লগতে তেওঁ নিজেও ৰিটাৰ্ণিং বিষয়াক সতৰ্ক কৰি দিছিল যে তৎকালীন ব্যৱস্থা নোলোৱাৰ বাবে পিছদিনা ব্যাপক ৰিগিং হ’ব। ভোটদানৰ দিনা পুৱা প্ৰায় ১১:৪৫ বজাত একেগৰাকী বিধায়কে বৰঘাটৰ এখন বিদ্যালয়ত থকা বুথ কেন্দ্ৰতো প্ৰৱেশ কৰে। এই সম্পৰ্কে প্ৰশাসনক অভিযোগ দিয়াত আৰক্ষী আৰু চাৰ্কল বিষয়াই কোনো গুৰুত্ব নিদিলে। ইয়াৰ পাছতে বৰঘাট আৰু কাৱৈমাৰী অঞ্চলত বৰহমপুৰ আদি বিভিন্ন ঠাইৰ পৰা অহা ১৭-১৮ খন গাড়ীৰে অংকুৰ, ডকাইতিৰ গোচৰ থকা আচাদুৰ আৰু নেকিবুৰ নামৰ এজন শিক্ষকৰ নেতৃত্বত এটা দলে ডেৰ ঘণ্টা ধৰি তাণ্ডৱ চলাই বুথ কেন্দ্ৰ দখল কৰে। ৰূপহী আৰক্ষী থানা মাত্ৰ তিনি কিলোমিটাৰ দূৰত থকা সত্ত্বেও কোনো আৰক্ষী নাহিল। কংগ্ৰেছৰ পোলিং এজেণ্টজনক গাড়ীৰে অপহৰণ কৰি নি “ভোটকেন্দ্ৰলৈ উভতি গ’লে গুলীয়াই মাৰি পেলাম” বুলি ভাবুকি দি ঘৰত নমাই দিয়া হয়, যাৰ ফলত এজেণ্টজনে আতংকত ফোন বন্ধ কৰি থাকিবলগীয়া হয়।

একেদৰে বৰঘাটৰ পাছত ছাইদৰীয়া পঞ্চায়তৰ কম্পিউটাৰ চেণ্টাৰস্থিত বুথ দখল কৰি ৰিগিং কৰা হয় আৰু তাত ফৰ্ম ১৭-চি পৰ্যন্ত দিয়া নহ’ল। ইয়াৰ পাছত দলটোৱে হাতীপুখুৰী, বৰুণগুৰি ভোটকেন্দ্ৰতো প্ৰৱেশ কৰি মুকলিকৈ বুথ দখল কৰে। ভোটগ্ৰহণ কেন্দ্ৰত বিজেপিৰ বাহিৰে আন কোনো এজেণ্টক থাকিবলৈ দিয়া নহ’ল আৰু কংগ্ৰেছৰ এজেণ্টে প্ৰিজাইডিং বিষয়া বা ছেক্টৰ বিষয়াক লিখিত অভিযোগ দিব বিচৰাত তেওঁলোকে কাগজ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ৰিটাৰ্ণিং বিষয়াই ৱেবকাষ্টিঙৰ জৰিয়তে পৰিস্থিতি নিৰীক্ষণ কৰাৰ কথা ক’লেও ২১০ নম্বৰ কেন্দ্ৰৰ ফুটেজ চাবলৈ কোৱাত ১১০ নম্বৰ চাই বিভ্ৰান্তিৰ সৃষ্টি কৰে, যাৰ দ্বাৰা স্পষ্ট হয় যে সমগ্ৰ নিৰীক্ষণ ব্যৱস্থাটো এক প্ৰহসনত পৰিণত হৈছিল।

সংবাদমেলত সাংসদ হুছেইনে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১৫ জন প্ৰাৰ্থীৰ কৌশলকো এক গভীৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে। তেওঁ অভিযোগ কৰে যে এই ১৫ জন প্ৰাৰ্থীৰ ভিতৰত প্ৰায় ১১-১২ গৰাকী প্ৰাৰ্থীয়েই বিজেপিৰ ডামি প্ৰাৰ্থী আছিল। এই ডামি প্ৰাৰ্থীসকলৰ জৰিয়তে প্ৰতিটো বুথত ১২ৰ পৰা ১৫ জনকৈ এজেণ্ট বহুওৱা হৈছিল, য’ত কংগ্ৰেছৰ এজন আৰু ইউ ডি এফৰ এজনৰ বাহিৰে বাকী সকলো এজেণ্টেই বিজেপিৰ হৈ কাম কৰিছিল। ৰহাত একেদৰে ১২ জন ভুৱা এজেণ্ট বহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভোটগণনাৰ মেজতো প্ৰতিটো টেবুলত যাতে ১২ জনকৈ বিজেপিৰ এজেণ্ট বহিব পাৰে, তাৰ বাবেই এই অপৰাধমূলক ব্লুপ্ৰিণ্ট কাৰ্যকৰী কৰা হৈছে।

ভোটদানৰ অস্বাভাৱিক শতাংশক লৈ প্ৰশ্ন তুলি ৰকিবুল হুছেইনে কয় যে চামগুৰিৰ প্ৰতিখন পঞ্চায়তৰ কমেও ২০ৰ পৰা ২৫ শতাংশ লোক কেৰালা, হায়দৰাবাদ আদি বহিঃৰাজ্যত কৰ্মৰত হৈ আছে আৰু খৰচৰ ভয়ত বা চাকৰি হেৰুওৱাৰ শংকাত উপ-নিৰ্বাচনত তেওঁলোকে ভোট দিবলৈ অহা নাই। এনে অৱস্থাত সমষ্টিটোত ৮০ শতাংশৰো অধিক ভোটদান হোৱাটোৱে ব্যাপক ভুৱা ভোট আৰু ৰিগিঙৰ প্ৰমাণ দাঙি ধৰিছে। নিৰ্বাচন আয়োগক যিকোনো এখন পঞ্চায়তত নমুনা সমীক্ষা চলাই প্ৰকৃততে কিমান ভোটাৰ বাহিৰত আছে তাক পৰীক্ষা কৰিবলৈ তেওঁ প্ৰত্যাহ্বান জনায়। এই সমস্ত অনিয়ম আৰু ৰিগিং সংঘটিত হোৱা সকলো ভোটকেন্দ্ৰত তৎকালীনভাৱে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ আৰু নিৰপেক্ষ ভোটগণনাৰ স্বাৰ্থত বৰ্তমানৰ ৰিটাৰ্ণিং বিষয়াক তৎকালীনভাৱে অপসাৰণ কৰিবলৈ কংগ্ৰেছে নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনায়। লগতে বিধায়ক জিতু গোস্বামী আৰু এজেণ্ট অপহৰণকাৰীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ দাবী উত্থাপন কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande