বজালীত ১০৮ বছৰীয়া দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি
বৰপেটা, ৭ অক্টোবৰ (হি.স.)। বজালীত ১০৮ বছৰীয়া দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি।শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বজালীতো আৰম্ভ হৈছে দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি।
বজালীত ১০৮ বছৰীয়া দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি


বৰপেটা, ৭ অক্টোবৰ (হি.স.)। বজালীত ১০৮ বছৰীয়া দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি।শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বজালীতো আৰম্ভ হৈছে দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি। পূজা সমিতিসমূহে ইতিমধ্যে পূজাৰ আয়োজনক লৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে।পাঠশালা বজাৰ সমিতিৰ উদ্যোগত এইবাৰ ১০৮ বছৰত ভৰি দিয়া ঐতিহ্যমণ্ডিত দুৰ্গোৎসৱক লৈ গ্ৰহণ কৰা হৈছে ব্যাপক প্ৰস্তুতি। সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই দুৰ্গোৎসৱক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ পূজা সমিতিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।ইতিমধ্যে পূজাস্থলীত বিশাল অস্থায়ী মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলিছে। পূজাৰ দিনকেইটাত ভক্ত আৰু দৰ্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি শৃংখলাবদ্ধ পৰিৱেশ, নিৰাপত্তা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে পূজা সমিতিয়ে।দুৰ্গোৎসৱৰ অন্যতম আকৰ্ষণ হিচাপে এইবাৰো আয়োজন কৰা হ’ব থলুৱা হাট, বাণিজ্য মেলা আৰু মীনা বজাৰ। ইয়াৰ জৰিয়তে পূজাৰ আনন্দৰ সমান্তৰালভাৱে স্থানীয় ব্যৱসায়ী আৰু উদ্যোগীসকলেও নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ সুযোগ লাভ কৰিব।ঐতিহ্য আৰু আধুনিকতাৰ সমন্বয়ে ১০৮ বছৰীয়া এই দুৰ্গোৎসৱক সফল আৰু আকৰ্ষণীয় কৰি তুলিবলৈ ইতিমধ্যে পূজা সমিতিৰ বিষয়ববীয়াসকল পূৰ্ণোদ্যমে কামত নামি পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande