


কোকৰাঝাৰ, ০৬ অক্টোবৰ (হি.স.)। ৰূপসী বিমানবন্দৰত আজি এয়াৰপ’ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া (AAI), ৰূপসীৰ উদ্যোগত ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনী (SDRF), অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা (F&ES), অসম আৰক্ষী আৰু গৌৰীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ (CHC) চিকিৎসা বিষয়াৰ সহযোগত এক আংশিক জৰুৰীকালীন মক ড্ৰিল অনুষ্ঠিত হয়।
সম্ভাৱ্য জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন সংস্থাৰ প্ৰস্তুতি, তৎপৰতা আৰু সমন্বিতভাৱে উদ্ধাৰ তথা সাহায্য অভিযান চলোৱাৰ সক্ষমতা পৰীক্ষা কৰাৰ উদ্দেশ্যে এই মক ড্ৰিল অনুষ্ঠিত কৰা হয়। মক ড্ৰিলৰ সময়ত বাগৰিবাৰী ৰাজহ চক্ৰৰ ফিল্ড অফিচাৰ, কোকৰাঝাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) প্ৰতিনিধি, ৰূপসী বিমানবন্দৰৰ OIC, এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (ATC)ৰ বিষয়া-কৰ্মচাৰীসহ সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়া আৰু অন্যান্য গুৰুত্বপূৰ্ণ অংশীদাৰ সকল উপস্থিত থাকে।
মক ড্ৰিলৰ পিছত এক ব্ৰিফিং আৰু টেবুল-টপ বৈঠক অনুষ্ঠিত কৰা হয়। বৈঠকত জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে প্ৰস্তুতি অধিক শক্তিশালী কৰা, জনসজাগতা বৃদ্ধি, বিভিন্ন সংস্থাৰ মাজত আন্তঃবিভাগীয় সমন্বয় উন্নত কৰা আৰু অধিক ফলপ্ৰসূ জৰুৰীকালীন প্ৰতিক্ৰিয়াৰ বাবে নিয়মীয়াকৈ মক ড্ৰিল অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
অনুষ্ঠানত জৰুৰীকালীন পৰিস্থিতিত দ্ৰুত আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে সকলো অংশীদাৰ সংস্থাৰ মাজত সমন্বিত প্ৰচেষ্টা আৰু সামূহিক সহযোগিতাৰ প্ৰয়োজনীয়তা উনুকিয়াই দিয়া হয়। এনে মক ড্ৰিলৰ জৰিয়তে বিমানবন্দৰৰ জৰুৰীকালীন প্ৰতিক্ৰিয়া ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে যাত্ৰী, বিমানবন্দৰৰ কৰ্মচাৰী আৰু সংশ্লিষ্ট সকলোৰে সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ