
নতুন দিল্লী, ৩০ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সহযোগত ডাক বিভাগে শুকুৰবাৰে স্তন কেন্সাৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ লগতে মহিলাসকলক নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ উৎসাহিত কৰাৰ বাবে বিশেষ স্মৃতি ডাক টিকট মুকলি কৰে।
কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্ৰীবাস্তৱে মুকলি কৰে এই স্মৃতি ডাক টিকট।
এই উপলক্ষে তেওঁ কয় যে স্তন কেন্সাৰ আৰু অন্যান্য গুৰুতৰ ৰোগ প্ৰতিৰোধ আৰু সময়মতে ধৰা পেলোৱাৰ বাবে জনসচেতনতা বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ। মহিলাসকলক নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আৰু ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহক আওকাণ নকৰিবলৈ আহ্বান জনায়।
স্বাস্থ্য সচিবগৰাকীয়ে জনোৱা মতে, দেশত এতিয়ালৈকে ৮৬.৯৭ মিলিয়ন লোকৰ মুখ, স্তন আৰু ছাৰ্ভাইকেল কেন্সাৰৰ পৰীক্ষা কৰা হৈছে। ইয়াৰে প্ৰায় ৫ লাখ ৫০ হাজাৰ লোক বৰ্তমান চিকিৎসা গ্ৰহণ কৰি আছে।
তেওঁ কয় যে কেন্সাৰ আগতীয়াকৈ ধৰা পৰিলে চিকিৎসাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে নিয়মীয়াকৈ পৰীক্ষা, সঠিক তথ্য, আৰু সময়মতে চিকিৎসাৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ।
পুণ্য সলিলা শ্ৰীবাস্তৱে কয়, মহিলাৰ স্বাস্থ্য হৈছে এটা সুস্থ পৰিয়াল আৰু এটা সুস্থ জাতিৰ ভেটি। মহিলাৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া আৰু স্তন কেন্সাৰৰ বিষয়ে সামাজিক সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰী প্ৰতিষ্ঠান, স্বাস্থ্যকৰ্মী, আৰু জনসাধাৰণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই পদক্ষেপৰ জৰিয়তে ডাক টিকটক জনসজাগতাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি সমগ্ৰ দেশতে স্তন কেন্সাৰ প্ৰতিৰোধ, সময়মতে ধৰা পেলোৱা আৰু চিকিৎসাৰ গুৰুত্বৰ বাৰ্তা বিয়পাই দিয়াৰ প্ৰয়াস কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া