
- ৫ নৱেম্বৰত মাস্কাটত আৰম্ভ হ’ব টুৰ্ণামেণ্ট, উইকেটকীপাৰ হিচাপে অনৱায় দ্ৰাবিড়, বেটছমেন হিচাপে আৰ্যবীৰ ছেহৱাগ
নতুন দিল্লী, ৩০ অক্টোবৰ (হি.স.)। এছিয়ান ক্ৰিকেট কাউন্সিলৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ভাৰতীয় দল ঘোষণা কৰা হৈছে । ভাৰতীয় কিংবদন্তি দুগৰাকী ক্ৰিকেট খেলুৱৈ ৰাহুল দ্ৰাবিড় আৰু বীৰেন্দ্ৰ ছেহৱাগৰ পুত্ৰ অন্ৱয় দ্ৰাবিড় আৰু আৰ্যবীৰ সেহৱাগকো ১৫ জনীয়া দলটোত অন্তৰ্ভুক্ত কৰা হৈছে। ৫ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ ওমানৰ মাস্কাটত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে জুনিয়ৰ ক্ৰিকেট কমিটীয়ে দলটো নিৰ্বাচন কৰিছে।
অন্ৱয় দ্ৰাবিড়ক উইকেটকীপাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে বেটছমেন হিচাপে নিৰ্বাচিত হৈছে আৰ্যবীৰ ছেহৱাগ। ই দুয়োগৰাকী যুৱ খেলুৱৈৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক উল্লেখযোগ্য সুযোগ হ’ব। লক্ষয় ৰায়চন্দনীক দলৰ অধিনায়কত্ব প্ৰদান কৰাৰ বিপৰীতে যশৱৰ্ধন সিং চৌহান হ’ব উপ-অধিনায়ক।
সংযুক্ত আৰব আমিৰশ্বাহী, নেপাল, পাকিস্তানৰ লগতে ভাৰতক গ্ৰুপ এত স্থান দিয়া হৈছে। গ্ৰুপ বিত বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান আৰু মালয়েছিয়া অন্তৰ্ভুক্ত। দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ১২ নৱেম্বৰত অনুষ্ঠিত হ’ব ছেমি ফাইনেল, ১৪ নৱেম্বৰত ফাইনেল অনুষ্ঠিত হ’ব ।
৬ নৱেম্বৰত নেপালৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব, তাৰ পিছত ৮ নৱেম্বৰত পাকিস্তানৰ বিৰুদ্ধে আৰু ১০ নৱেম্বৰত সংযুক্ত আৰব আমিৰশ্বাহীৰ বিৰুদ্ধে খেল অনুষ্ঠিত হ’ব । ভাৰতৰ তিনিওখন লীগ মেচ মাস্কাটৰ অ’চিচি টাৰ্ফ খেলপথাৰত অনুষ্ঠিত হ’ব।
ভাৰতীয় দল:
লক্ষ্য ৰায়চন্দনী (কেপ্তেইন), আৰ্যবীৰ সেহৱাগ, ভি.কে. বিনীত, যশৱৰ্ধন সিং চৌহান (উপ অধিনায়ক), কুশগ্ৰা ওঝা, অৰ্জুন ৰাজপুত, মনল চৌহান, অনৱয় দ্ৰাবিড় (উইকেটকীপাৰ), ৰজত বাঘেল (উইকেটকীপাৰ), ভি যশবীৰ, আৰিয়ান সাৱসানী, মোহিত উলভা, কাব্য পেটেল, শৱিন বিনোদ আৰু ঈশান সুদ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ