
নগাঁৱ, ০৩ অক্টোবৰ (হি.স.)।
নগাঁৱৰ কচুৱাৰ প্ৰমিলা জাৰণীত অঘটন ৷
বৰপানী নৈত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ ।
সন্ধানহীন কিশোৰ গৰাকীক প্ৰমিলা জাৰণীৰ জুনাইদ আলম (১৪) বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ।কিশোৰ গৰাকীৰ নদীত ইতিমধ্যে সলিল সমাধি ঘটা বুলি আশংকা কৰা হৈছে। কালি দুপৰীয়া সংঘটিত হয় উক্ত ঘটনা ।
বৰ্তমানেও বৰপানী নৈত নিখোজ হোৱা পুত্ৰক বিচাৰি হিয়া ভঙা কান্দোন মাতৃৰ ।
এছডিআৰএফ ৰ দলে উদ্ধাৰ অভিযান চলাইছে যদিও বৰ্তমান মুহুৰ্তলৈকে কোনো সন্ধান পোৱা নাই কিশোৰ গৰাকীৰ । সন্ধানহীন কিশোৰ গৰাকীৰ ঘৰখনৰ লগতে পৰিয়ালটোত সৃষ্টি হৈছে শোকাকুল পৰিবেশৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা