কুমকুম মহোদৰ ইতিহাস ৰচনা-এছিয়ান গেমছত ৰিকাৰ্ভ ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত
ওকাজাকি, ০৩ অক্টোবৰ (হি.স.)। ভাৰতৰ ১৭ বছৰীয়া ধনুৰ্বিদ কুমকুম অনিল মহোদে এছিয়ান গেমছত ইতিহাস ৰচনা কৰে। শনিবাৰে শ্বুট অফত দক্ষিণ কোৰিয়াৰ অ’ য়েজিনক ৬-৫ ব্যৱধানত পৰাস্ত কৰি কুমকুমে মহিলাৰ ৰিকাৰ্ভ ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ লগে লগে তেওঁ এছি
कुमकुम मोहद


ওকাজাকি, ০৩ অক্টোবৰ (হি.স.)। ভাৰতৰ ১৭ বছৰীয়া ধনুৰ্বিদ কুমকুম অনিল মহোদে এছিয়ান গেমছত ইতিহাস ৰচনা কৰে। শনিবাৰে শ্বুট অফত দক্ষিণ কোৰিয়াৰ অ’ য়েজিনক ৬-৫ ব্যৱধানত পৰাস্ত কৰি কুমকুমে মহিলাৰ ৰিকাৰ্ভ ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ লগে লগে তেওঁ এছিয়ান গেমছত ৰিকাৰ্ভ ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। তেওঁৰ এই জয়ে ভাৰতক লছ এঞ্জেলছ ২০২৮ অলিম্পিকৰ বাবে ব্যক্তিগত কোটাৰ স্থানও নিশ্চিত কৰে।

দুয়োজন ধনুৰ্বিদৰ মাজত হোৱা প্ৰতিযোগিতাখন অত্যন্ত ৰোমাঞ্চকৰ আছিল, পাঁচটা ছেটৰ অন্তত ৫-৫ ব্যৱধানত সমতা স্থাপন কৰিছিল। এডাল কাঁড়ৰ নিক্ষেপেৰে স্বৰ্ণ পদক নিৰ্ণয় কৰা হয়। অ’ য়েজিনে ৮ পইণ্ট শ্বট দিয়াৰ বিপৰীতে হেঁচাত পৰা কুমকুমে ১০ পইণ্টৰ সুন্দৰ স্ক’ৰ কৰি ঐতিহাসিক সোণৰ পদক লাভ কৰে। দুয়োগৰাকী চূড়ান্ত প্ৰতিযোগীয়ে লছ এঞ্জেলছ ২০২৮ অলিম্পিকত নিজৰ দেশৰ বাবে ব্যক্তিগত কোটাৰ স্থানো নিশ্চিত কৰে।

ফাইনেলত কুমকুমৰ আৰম্ভণি সূচল নাছিল। প্ৰথম ছেটত ২৯-২৭ ব্যৱধানত জয়লাভ কৰি অ’ য়েজিনে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। দ্বিতীয় ছেটটো ২৯-২৯ ব্যৱধানত সমতা স্থাপন কৰাৰ পাছত দক্ষিণ কোৰিয়াৰ ধনুৰ্বিদগৰাকীয়ে ৩-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে।

তাৰ পিছত কুমকুমে এক চমকপ্ৰদ প্ৰত্যাৱৰ্তন কৰে। তৃতীয় ছেটত একেৰাহে তিনিটা ১০ পইন্ট কৰি নিখুঁত ৩০ পইন্ট সংগ্ৰহ কৰাৰ বিপৰীতে অ’ য়েজিনে মাত্ৰ ২৯ পইন্টহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

চতুৰ্থ ছেটত অ’ য়েজিনে ২৮-২৭ গ’লত জয়লাভ কৰি ৫-৩ পইন্টত অগ্ৰগতি লাভ কৰি খিতাপৰ পৰা মাত্ৰ এটা ছেট আঁতৰি যায়। কিন্তু কুমকুমে চাপৰ মাজতো লক্ষণীয় স্থিৰতা দেখুৱাইছিল। নিৰ্ণায়ক পঞ্চম ছেটত তিনিওটা কাঁড়তে ১০-১০ পইন্টত শ্বট দি নিখুঁত ৩০ পইন্ট সংগ্ৰহ কৰে।

ইয়াৰ পিছতে কুমকুমে শ্বুট অফত ১০ পইণ্ট সংগ্ৰহ কৰি স্বৰ্ণ পদক লাভ কৰে।

এছিয়ান গেমছত অভিষেক ঘটোৱাত কুমকুমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। মহিলাৰ দলীয় ৰিকাৰ্ভ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে, যিটো এছিয়ান গেমছত এই ইভেণ্টত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ইয়াৰ পিছতে মিক্সড টিম ৰিকাৰ্ভ ইভেণ্টত ৰূপৰ পদক লাভ কৰে, যিটো এই ইভেণ্টত ভাৰতৰ প্ৰথমটো পদক। এতিয়া মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভত স্বৰ্ণ পদক লাভ কৰি তৃতীয়টো ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে।

ব্যক্তিগত ইভেণ্টৰ ৰেংকিং ৰাউণ্ডত দশম স্থান দখল কৰি কুমকুমে আৰম্ভ কৰে। ইয়াৰ পিছতে বর্তমানৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক দলৰ স্বৰ্ণ পদক বিজয়ী দক্ষিণ কোৰিয়াৰ কাং চায়য়ঙক কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰে। ছেমিফাইনেলত চীনৰ জিংগি ঝুক ৬-২ ব্যৱধানত পৰাস্ত কৰে। ২০২৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী আছিল ঝু। এই জয়েৰে কুমকুমে এছিয়ান গেমছৰ ব্যক্তিগত ৰিকাৰ্ভ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।

এখোজ আগুৱাই গৈ এই ইভেণ্টত স্বৰ্ণ পদক লাভ কৰি এছিয়ান গেমছত ব্যক্তিগত ৰিকাৰ্ভ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।

মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ ব্ৰঞ্জৰ পদক মেচত চীনৰ হুয়াং ইউৱেইয়ে নিজৰ দেশবাসী জিংগি ঝুক ৬-৪ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।

কুমকুমৰ এছিয়ান গেমছৰ পদকঃ

* সোণ: মহিলা দলৰ ৰিকাৰ্ভ

* সোণ: মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ

* ৰূপ: মিশ্ৰিত দলৰ ৰিকাৰ্ভ

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande