
ধুবুৰী, ০৩অক্টোবৰ (হি.স.)। অবৈধ গৰু ব্যৱসায়ৰ বিৰুদ্ধে অব্যাহত আছে বি এছ এফ আৰু আৰক্ষীৰ অভিযান। ব্ৰহ্মপুত্ৰত ২০ টাকৈ চোৰাং গৰু জব্দ কৰিব সক্ষম হই আৰক্ষী আৰু বিএছএফৰ যৌথ অভিযানকাৰী দলে । উল্লেখ্য অবৈধ ভাবে বাংলাদেশলৈ চোৰাং গৰু চালান দিয়া কাৰ্য অব্যাহত ৰাখিছিল গৰু বেপাৰীয়ে। এনে সন্ধিক্ষণত বি এছ এফ'য়ে ভাৰত বাংলাদেশ সীমান্তৰ চৌকিচৰত অভিযান চলাই ২০টাকৈ গৰু জব্দ কৰে ।
বি এছ এফয়ে পিছত জব্দকৃত বিশটা গৰু ফকিৰগঞ্জ থানাত চমজাই দিয়ে । ফকিৰগঞ্জ থানাই পিছত স্থানীয় গোশালাত গৰু সমূহ হস্তান্তৰ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা