কোকৰাঝাৰত সেৱা সংকল্প অভিযানৰ অধীনত শিক্ষা, সুৰক্ষা আৰু কল্যাণমূলক বিভিন্ন কাৰ্যসূচী
কোকৰাঝাৰ ৩ অক্টোবৰ (হি.স.): চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত শিক্ষা, সামাজিক অন্তৰ্ভুক্তি, কল্যাণ, পথ সুৰক্ষা আৰু জনসাধাৰণৰ অংশগ্ৰহণক কেন্দ্ৰ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অভিযানৰ অধীনত শিক্ষা বিভাগৰ
কোকৰাঝাৰত সেৱা সংকল্প অভিযানৰ অধীনত শিক্ষা, সুৰক্ষা আৰু কল্যাণমূলক বিভিন্ন কাৰ্যসূচী


কোকৰাঝাৰত সেৱা সংকল্প অভিযানৰ অধীনত শিক্ষা, সুৰক্ষা আৰু কল্যাণমূলক বিভিন্ন কাৰ্যসূচী


কোকৰাঝাৰত সেৱা সংকল্প অভিযানৰ অধীনত শিক্ষা, সুৰক্ষা আৰু কল্যাণমূলক বিভিন্ন কাৰ্যসূচী


কোকৰাঝাৰ ৩ অক্টোবৰ (হি.স.): চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত শিক্ষা, সামাজিক অন্তৰ্ভুক্তি, কল্যাণ, পথ সুৰক্ষা আৰু জনসাধাৰণৰ অংশগ্ৰহণক কেন্দ্ৰ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

অভিযানৰ অধীনত শিক্ষা বিভাগৰ উদ্যোগত জিলাখনৰ সকলো বিধানসভা সমষ্টিত এল এ চি পৰ্যায়ৰ চিত্ৰাংকন, কুইজ আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আজি কোকৰাঝাৰ শিক্ষা খণ্ডৰ উদ্যোগত পি এম শ্ৰী কোকৰাঝাৰ গাৰ্লছ্ হায়াৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত এল এ চি পৰ্যায়ৰ কুইজ, বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত বিধায়ক চেউলি মহিলাৰী আৰু এম চি এল এ ধনেশ্বৰ গয়াৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি জ্ঞান, আত্মবিশ্বাস আৰু সৃষ্টিশীলতাৰ পৰিচয় দাঙি ধৰে।

ইয়াৰ সমান্তৰালভাৱে জিলাখনৰ বিভিন্ন স্থানত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মটৰ যান আইন আৰু যান-বাহন সম্পৰ্কীয় নিয়ম-নীতি পালনৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে পৰিদৰ্শন আৰু প্ৰৱৰ্তনমূলক কাৰ্যসূচীও চলোৱা হৈছে।

আনহাতে, সেৱা সংকল্প অভিযানৰ অধীনত ফকিৰাগ্ৰাম কলেজত ALIMCOৰ সহযোগত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে এক স্ক্ৰিনিং শিবিৰ অনুষ্ঠিত কৰা হয়। কোকৰাঝাৰৰ দ্য হান্স ফাউণ্ডেচনৰ সহযোগিতাত অনুষ্ঠিত শিবিৰত প্ৰায় ১৫০ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক পৰীক্ষা-নিৰীক্ষা কৰা হয়। শিবিৰটোৰ জৰিয়তে যোগ্য ব্যক্তিসকলৰ প্ৰয়োজনীয়তা নিৰূপণ কৰি উপযুক্ত সহায়ক সঁজুলি প্ৰদানৰ বাবে মূল্যায়ন কৰা হয়।

সেৱা সংকল্প অভিযানৰ জৰিয়তে জিলাখনত শিক্ষা, সুৰক্ষা, সামাজিক কল্যাণ আৰু অন্তৰ্ভুক্তিমূলক সেৱাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা আৰু অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰে এনে বিভিন্ন কাৰ্যসূচী অব্যাহত ৰখা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande