
গুৱাহাটী, ০৩ অক্টোবৰ (হি.স.)। খানাপাৰাৰ দ্য লোকেলছ বাৰত মহিলাৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাত যুৱতীসহ ৭ গৰাকী লোকক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে ইংৰাজী ০২/১০/২০২৬ তাৰিখে খানাপাৰাৰ দ্য লোকেলছ বাৰ কাম ৰেষ্টুৰেণ্টত এগৰাকী মহিলাক পুৰুষ-মহিলা উভয়কে ধৰি এদল লোকে আক্ৰমণ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল।
তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে তদন্ত কৰি উপলব্ধ চিচিটিভি ফুটেজ পৰীক্ষা কৰে। ফুটেজত প্ৰকাশ পাইছে যে পুৱতি নিশা প্ৰায় ০২:৩০ বজাত বাৰৰ ভিতৰত এদল ব্যক্তিয়ে ভুক্তভোগীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । ইয়াৰ পিছতে চুলি আৰু কাপোৰ টানি বেছমেণ্টৰ ফালে টানি নিয়াৰ অভিযোগ উঠিছে, য’ত পুনৰ আক্ৰমণ কৰা হৈছিল আৰু অৰ্ধচেতন হোৱা যেন দেখা গৈছিল।
তদন্তৰ সময়ত দেখা গ’ল যে এই কাণ্ডৰ লগত জড়িত কেইবাজনো ব্যক্তি বাৰৰ পৰিচালনা/কৰ্মচাৰীৰ সৈতে জড়িত। ইয়াৰ উপৰিও দেখা গ’ল যে প্ৰতিষ্ঠানটোৱে অনুমোদিত বন্ধৰ সময় ১২:৩০ বজাৰ বাহিৰত চলি আছে। এই ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাকো নজনালে বাৰ কৰ্তৃপক্ষই।
সেই অনুসৰি ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ২০২৩ৰ ধাৰা ৬১(২)/১১৭(২)/৭৪/৭৫/১০৯/৩(৫)ৰ অধীনত দিছপুৰ থানাত কেছ নং ৭২৬/২০২৬ত এটা চো মোটো গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।
তদন্তৰ সময়ছোৱাত বাৰ খনৰ মেনেজাৰ জাষ্টিন ডি আৰেং(২৮), ইভেন্ট মেনেজাৰ নেকিবুৰ জামান সৰকাৰ ওৰফে নেকিবুৰ জামান চৰদাৰ ওৰফে ৰহমান (৩০), ফ্ৰন্ট অফিচ এক্সিকিউটিভ ঝুম্পা সিনহা(২৩), উষা দেৱী(২২), মঞ্জু দাস (২৬), গৌৰৱ মহন্ত (২১) আৰু ডিনো সোনা( ২১ ) সহ মুঠ ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
ধৃত আটাইকেইজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষীয়ে পৰিঘটনাৰ সম্পূৰ্ণ ক্ৰম, জড়িত প্ৰতিজন ব্যক্তিৰ ভূমিকা, অনুমোদিত বন্ধ সময়ৰ বাহিৰত প্ৰতিষ্ঠানটোৰ পৰিচালনা আৰু তদন্তৰ সময়ত উদ্ভৱ হ’ব পৰা আন যিকোনো উলংঘাৰ পৰীক্ষা কৰি আছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী