
শিৱসাগৰ, ০৩ অক্টোবৰ (হি.স.)। ডিমৌত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু আৰু গুৰুতৰ ভাবে আহত এগৰাকী মহিলা। নিহত ব্যক্তি গৰাকী ডিমৌ ৰাইচাইৰ লোহিত গগৈ আৰু আহত গৰাকী ময়ুৰী খান্তাধৰা গগৈ বুলি দুৰ্ঘটনাস্থলীত উপস্থিত সাংবাদিকক আৰক্ষী অবগত কৰে।
ময়ুৰী খান্তাধৰা গগৈ বৰুৱা চাংমাই উপ স্বাস্থ্য কেন্দ্ৰৰ এ এন এম। দুয়ো সম্বন্ধত স্বামী স্ত্ৰী আৰু ষ্কুটীৰে ডিমৌত বজাৰ কৰিবলৈ গৈ থকা অৱস্থাত ৰাইচাইত এখন মালবাহী ট্ৰাকে মহটিয়াই নিয়ে। ময়ুৰী খান্তাধৰা গগৈক সংকটজনক অৱস্থাত ডিমৌ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা