
গুৱাহাটী, ০৩ অক্টোবৰ (হি.স.)। উদ্যোগী মহিলা সংস্থাৰ উদ্যোগত মহানগৰীৰ দিঘলী পুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় ট্রেড এক্সপ'।
প্রতিবাৰৰ দৰে এইবেলিও উদ্যোগী মহিলা সংস্থাৰ উদ্যমী মহিলাসকলৰ দ্বাৰা আয়োজন কৰা হৈছে অষ্ট বার্ষিক ৰাষ্ট্ৰীয় ট্রেড এক্সপ। লক্ষীধৰ বৰা ক্ষেত্ৰ, দিঘলী পুখুৰী, অহা ৫ অক্টোবৰৰ পৰা ১৮ অক্টোবৰ ২০২৬ ইং তাৰিখলৈ অনুষ্ঠিত হবলগীয়া এই এক্সপখনত উত্তৰ-পূবৰ বিভিন্ন প্রতিষ্ঠানসমূহৰ বিপণী থকাৰ লগতে পশ্চিম বংগ, কাশ্মীৰ, পঞ্জাব, গুজৰাট, বিহাৰ, কেৰালা আদি ৰাজ্যৰ আকৰ্ষণীয় বিপণী থাকিব। আজি গুৱাহাটী সংবাদ মেলত এই কথা সদৰী কৰে উদ্যোগী মহিলা সংস্থাত তেওঁ লগতে কয় এই বাৰ নাৰ্ছাৰী, জনজাতীয় খাদ্যসম্ভাৰ আৰু তাৰ বিপণীসমূহ, বাঁহ-বেত আচবাব-পত্ৰৰ বিপণী, হেওলুম আৰু হস্তনির্মিত আচবাব-পত্ৰৰ বিপণী। প্রতিদিনে পুৱা ১০.৩০ৰ পৰা নিশা ৯ বজালৈ চলিবলগীয়া এই এক্সপত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, চিত্রাংকন আৰু গীত-মাতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হব।
আগ্রহী উদ্যোগী লোকসকলক ৫ অক্টোবৰৰ পূৰ্বে আয়োজক কমিটাৰ লগত যোগাযোগ কৰি ষ্টল বুকিঙৰ বাবে আহ্বান জনোৱা হৈছে। গুৱাহাটী তথা সমগ্ৰ অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰি এই এক্সপত উপলব্ধ হবলগীয়া আকর্ষণীয় সামগ্রীসমূহ ক্ৰয় কৰিবলৈ আয়োজকসকলে আহ্বান জনাইছে। নিজৰ নিজৰ বিপণী দিবলৈ আয়োজক কমিটীৰ লগত আগতীয়াকৈ যোগাযোগ কৰিব পাৰিব। সংবাদ মেলত উদ্যোগী মহিলা সংস্থাৰ কমিটীৰ সদস্য উপস্থিত থাকে। মুঠ ৬৫খন ষ্টল থাকিব। গুজৰাট, কলকাতা, পাঞ্জাৱ আদিৰ বিপনী। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ৬ অক্টোবৰত উদ্ধোধন কৰিব ৪.৩০ বজাত।
পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব। এখন নাৰ্ছাৰী থাকিব।
সভাপতি ববী পাটগিৰীয়ে এইকথা সদৰি কৰে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু