

তামুলপুৰ, ৩ অক্টোবৰ (হি.স.)। আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত চিমি কৰণৰ উপস্থিতিত সমাগত দুৰ্গাপূজা উদযাপন সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ আৰম্ভণিতে অতিৰিক্ত জিলা আয়ুক্ত ডঃ দীপাংকৰ নাথে পূজা উদযাপন সম্পৰ্কীয় বিভিন্ন নীতি-নিৰ্দেশনা আলোচনা কৰে। তেওঁ জিলাখনত চলি থকা হাতী-মানুহৰ সংঘাতৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিৰ বিষয়ববীয়াসকলক বিশেষভাৱে অনুৰোধ জনাই কয়, বৰ্তমান আমাৰ জিলাখনত প্ৰায় ৮০টা হাতীৰ জাকে বিচৰণ কৰি আছে। পূজাৰ সময়ত যদি ফটকা ফুটোৱা হয়, তেন্তে হাতীৰ মাজত আতংকৰ সৃষ্টি হৈ কেউফালে বিয়পি পৰিব।
গতিকে আপোনালোকে ফটকাৰ ব্যৱহাৰ যাতে নকৰে, তালৈ বিশেষভাৱে অনুৰোধ জনালোঁ। তেওঁ পূজা সমিতিসমূহক একোখন হেল্প ডেক্স খুলি তাৰ নম্বৰটো জিলা প্ৰশাসনক জমা দিবলৈ অনুৰোধ জনায়। পূজাস্থলীৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধত গাড়ী পাৰ্কিং কৰিব নোৱাৰিব। লগতে নিশা ১০ বজাৰ ভিতৰত ছাউণ্ড ছীষ্টেম বন্ধ হ'ব লাগিব। পূজা সমিতিয়ে স্বাস্থসেৱাৰ জৰুৰী কিট ৰখাৰ লগতে জৰুৰী নম্বৰসমূহ চকুত পৰা ঠাইত লগাই থ'ব লাগিব। চিচি টিভিৰ ব্যৱস্থাও থাকিব লাগিব। অগ্নি নিৰ্বাপণৰ সুবিধাৰ প্ৰতি সমিতিসমূহে নজৰ ৰাখিব লাগিব। তদুপৰি স্বেচ্ছাসেৱকৰ তালিকা আৰক্ষীৰ হাতত আগতীয়াকৈ জমা দিব লাগিব। কোনেও যাতে অবৈধ নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ প্ৰতিও পূজা সমিতিয়ে লক্ষ্য কৰিব লাগিব।
আনহাতে পূজাৰ নামত বলপূৰ্বক বৰঙণি আদায় কৰিব নোৱাৰিব বুলিও প্ৰশাসনৰ তৰফৰ পৰা সকলোকে জনোৱা হয়। লগতে প্ৰশাসনে সন্ধিয়া ৫-৬ বজাৰ ভিতৰত মূৰ্তিসমূহ বিসৰ্জন দিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে জিলাখনত প্ৰায় ৬৮খন দুৰ্গাপূজা মণ্ডপ আজে। বৈঠকত জিলা আয়ুক্ত চিমি কৰণে দেৱ-দেৱীৰ মূৰ্তিত কেমিকেলযুক্ত ৰং ব্যৱহাৰ নকৰিবলৈ আৰু প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ সকলোকে আহ্বান জনায়, যাতে পূজা প্ৰদূষণমুক্ত হয়। আজিৰ বৈঠকত পূজা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আদি আদি উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ