
মৰিগাঁও , ০৩ অক্টোবৰ (হি.স.)। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ০৯ নং নগাঁও সংসদীয় সমষ্টিত আগন্তুক উপ-নিৰ্বাচনৰ প্ৰস্তুতি পুনৰীক্ষণৰ বাবে শনিবাৰে মৰিগাঁও জিলাত উপস্থিত হয় ।
জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সৃষ্টি সিং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নিশান্ত সৌৰভৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে বিভিন্ন নিৰ্বাচনী কোষৰ কাম-কাজ আৰু আৰ্হি আচৰণ বিধি ফলপ্ৰসূভাৱে পালন কৰাৰ বাবে ফ্লাইং স্কোয়াড টিম (এফ এছ টি) আৰু ষ্টেটিক চাৰ্ভিলেন্স টিম (এছ এছ টি)ৰ নিয়োগ আৰু কাৰ্যকলাপৰ পৰ্যালোচনা কৰে।
উপ-নিৰ্বাচনৰ মুক্ত, ন্যায্য আৰু মসৃণ পৰিচালনা নিশ্চিত কৰাৰ বাবে কৰা ব্যৱস্থাসমূহো পৰ্যালোচনা কৰি নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দিশৰ ওপৰত বিষয়াসকলৰ পৰা আপডেট লাভ কৰে।
সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সত্যজিৎ চেতিয়া, সহ-জিলা উপায়ুক্ত অনুৰাগ ফুকন, হৃদয় কুমাৰ দাস, অতিৰিক্ত জিলা উপায়ুক্ত ৰাকেশ ডেকা, উদয় শংকৰ দত্ত, আৰু ড° নীলাক্ষী বৈশ্য, নিৰ্বাচন বিষয়া গুঞ্জনা শইকীয়া, সহকাৰী আয়ুক্ত অংকিতা দত্তকে ধৰি অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
পৰ্যালোচনা বৈঠকৰ অন্তত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জিলা উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াৰ সৈতে মৰিগাঁও মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্দিষ্ট ষ্ট্ৰং ৰুম আৰু গণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। বৈঠকৰ সময়ত তেওঁ কেম্পাছত নিৰাপত্তাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰয়োজনীয় প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
পৰিদৰ্শনৰ সময়ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নিশান্ত সৌৰভ, সহ-জিলা উপায়ুক্ত হৃদয় কুমাৰ দাস, অতিৰিক্ত জিলা উপায়ুক্ত ৰাকেশ ডেকা, নিৰ্বাচনী বিষয়া গুঞ্জনা শইকীয়া,কে ধৰি অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া