
নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীয়ে বৃহস্পতিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত আগন্তুক কাৰ্য্য পৰিকল্পনা আৰু বিভিন্ন সাংগঠনিক বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয় । সাংগঠনিক কাম-কাজ ত্বৰান্বিত কৰাৰ লগতে দলৰ ভৱিষ্যত কৌশলৰ ওপৰতো আলোচনা কৰা হয়।
বৈঠকৰ অন্তত ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি বিজেপিৰ সভাপতি নীতিন নবীনে কয় যে আজি তেওঁ দলৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ সৈতে এক বিশদ বৈঠকত আগন্তুক কাৰ্য্য পৰিকল্পনা আৰু বিভিন্ন সাংগঠনিক বিষয়ৰ ওপৰত আলোচনা কৰে ।
------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ