কাঠমাণ্ডুত ৭০ কেজিতকৈ অধিক ৰূপৰ গহণাসহ আটক ভাৰতীয় নাগৰিক
কাঠমাণ্ডু, ২৭ অক্টোবৰ (হি.স.)। ৰাজধানী কাঠমাণ্ডুত ৭০ কেজিতকৈ অধিক ৰূপৰ গহণাসহ গ্ৰেপ্তাৰ হৈছে এজন ভাৰতীয় নাগৰিক। ধৃত যুৱকজন ভাৰতৰ ৰক্সাউলৰ বাসিন্দা অমন ছাৰাফ (১৯) ৰূপে চিনাক্ত কৰা হৈছে । কাঠমাণ্ডু অপৰাধ তদন্ত কাৰ্যালয়ে থাংকোটত গ্ৰেপ্তাৰ কৰে অভিযু
नेपाल में चांदी के साथ गिरफ्तार भारतीय युवक


কাঠমাণ্ডু, ২৭ অক্টোবৰ (হি.স.)। ৰাজধানী কাঠমাণ্ডুত ৭০ কেজিতকৈ অধিক ৰূপৰ গহণাসহ গ্ৰেপ্তাৰ হৈছে এজন ভাৰতীয় নাগৰিক।

ধৃত যুৱকজন ভাৰতৰ ৰক্সাউলৰ বাসিন্দা অমন ছাৰাফ (১৯) ৰূপে চিনাক্ত কৰা হৈছে । কাঠমাণ্ডু অপৰাধ তদন্ত কাৰ্যালয়ে থাংকোটত গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

অপৰাধ অনুসন্ধান কাৰ্যালয়ৰ আৰক্ষী অধীক্ষক ৰামেশ্বৰ কাৰ্কীয়ে জনোৱা মতে, আমনৰ পৰা মুঠ ৬৯ কেজি ৭৪৪ গ্ৰাম ওজনৰ বিভিন্ন ধৰণৰ ৰূপৰ গহণা উদ্ধাৰ কৰা হৈছে। বিলৰ অভাৱত এই গহনাবোৰক অবৈধ বুলি গণ্য কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, অমন ছাৰাফক অধিক ব্যৱস্থা গ্ৰহণৰ বাবে বিমানবন্দৰৰ শুল্ক কাৰ্যালয়ত গতাই দিয়া হৈছে।

উদ্ধাৰ হোৱা ৰূপৰ আনুমানিক মূল্য প্ৰায় ২কোটি ৩২ লাখ টকা বুলি অনুমান কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande