নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় টি-২০ আইৰ পৰাও বাদ পৰিল ঈশান কিষান, মেচৰ ফিটনেছ পুনৰ লাভ কৰিবলৈ লাগিব সময়
ৱেলিংটন, ২৬ অক্টোবৰ (হি.স.)। নিউজিলেণ্ডৰ বিৰুদ্ধে ২৭ অক্টোবৰত ৱেলিংটনত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টি-২০ আইৰ পৰাও ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঈশান কিষানে বাহিৰ হৈছে। সোমবাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই কথা ঘোষণা কৰে। ব’ৰ্ডৰ
भारतीय विकेटकीपर बल्लेबाज ईशान किशन


ৱেলিংটন, ২৬ অক্টোবৰ (হি.স.)। নিউজিলেণ্ডৰ বিৰুদ্ধে ২৭ অক্টোবৰত ৱেলিংটনত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টি-২০ আইৰ পৰাও ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঈশান কিষানে বাহিৰ হৈছে। সোমবাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই কথা ঘোষণা কৰে। ব’ৰ্ডৰ মতে ঈশানৰ আঘাতৰ উন্নতি হৈছে যদিও চিকিৎসা দলে তেওঁৰ অৱস্থাৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। তৃতীয় টি-২০ৰ বাবে ভাৰতীয় দলৰ সৈতে থাকিব উইকেটকীপাৰ-বেটছমেন কুমাৰ কুশগ্ৰা।

বিচিচিআইৰ সম্পূৰ্ণ বিবৃতি

সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত বিচিচিআইয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ প্ৰথম টি-২০ আইৰ সময়ত সোঁ ভৰিৰ মাংসপেশীৰ মৃদু আঘাতৰ পৰা ঈশান কিষানে ভালদৰে সুস্থ হৈ উঠিছে। অৱশ্যে তেওঁ এতিয়াও মেচৰ ফিটনেছ পুনৰ লাভ কৰা নাই আৰু ২০২৬ চনৰ ২৭ অক্টোবৰত ৱেলিংটনত অনুষ্ঠিত হ’বলগীয়া তৃতীয় টি-২০ আইৰ পৰা বাহিৰ হৈছে। বিচিচিআইৰ চিকিৎসা দলে ঈশানৰ আৰোগ্যৰ ওপৰত নিৰীক্ষণ কৰি আছে।

তৃতীয় টি-২০ৰ বাবে দলৰ সৈতে থাকিব কুমাৰ কুছাগ্ৰা।’

প্ৰথম মেচত আঘাতপ্ৰাপ্ত

নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথম টি-২০ খেলৰ সময়ত আঘাতপ্ৰাপ্ত হয় ঈশান কিষাণ। ইয়াৰ পিছতে ভাৰতীয় দলটোৱে নিজৰ বেটিং অৰ্ডাৰত পৰিৱৰ্তন কৰিব লগা হৈছিল। ঈশানে সাধাৰণতে তিনি নম্বৰত বেটিং কৰে যদিও আঘাতৰ বাবে তিলক বৰ্মাক তিনি নম্বৰলৈ উন্নীত কৰা হয়।

প্ৰথমখন মেচত ঈশানে পাঁচ নম্বৰ স্থানত বেটিং কৰে। অৱশ্যে তিনিটা বলত মাত্ৰ এটা ৰান সংগ্ৰহ কৰি মিচেল ছাণ্টনাৰৰ লেগ চাইড বাউণ্ডেৰীৰ ওচৰত ধৰা পৰে।

বৈভৱ সূৰ্য্যবংশীয়ে হয়তো আৰু এটা সুযোগ পাব

ঈশানৰ অনুপস্থিতিত দ্বিতীয় টি-২০ৰ বাবে বৈভৱ সূৰ্যবংশীক খেলা একাদশত অন্তৰ্ভুক্ত কৰা হয়। ভাৰতে এছিয়ান গেমছৰ খিতাপ জয়ৰ ছেমি ফাইনেল আৰু ফাইনেল খেলাৰ পিছত বৈভৱ বিগত চাৰিখন টি-২০ত দলৰ প্লেইং একাদশৰ পৰা বাহিৰ হৈ আছিল।

দ্বিতীয়খন মেচত অন্তৰ্ভুক্ত হোৱাৰ পিছত এতিয়া তৃতীয় টি-২০তো খেলাৰ সম্ভাৱনা আছে। অৱশ্যে মেচৰ দিনাহে আনুষ্ঠানিকভাৱে নিশ্চিত হ’ব ফাইনেল একাদশ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তৃতীয় টি-২০ আই মেচখন ২৭ অক্টোবৰত ৱেলিংটনত অনুষ্ঠিত হ’ব।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande