
কাঠমাণ্ডু, ২৬ অক্টোবৰ (হি.স.)। নেপালৰ প্ৰধান ঘাইপথসমূহ সম্পূৰ্ণ কাৰ্যক্ষম হোৱাৰ পিছতে প্ৰধান ধৰ্মীয় স্থান মুক্তিনাথ মন্দিৰলৈ অহা ভাৰতীয় তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। হিন্দু আৰু বৌদ্ধসকলৰ বিশ্বাসৰ প্ৰধান কেন্দ্ৰ মুক্তিনাথ মন্দিৰত বিগত এমাহ ধৰি তীৰ্থযাত্ৰীৰ সংখ্যা কম আছিল যদিও এতিয়া পৰ্যটক আৰু তীৰ্থযাত্ৰীৰ আগমন বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।
মুস্তাংগ জিলা আৰক্ষী কাৰ্যালয়ৰ তথ্য অনুসৰি, ঘাইপথ মুকলি হোৱাৰ পিছত বিগত এসপ্তাহত প্ৰতিদিনে প্ৰায় ১০,০০০ৰ পৰা ১২,০০০ ভাৰতীয় তীৰ্থযাত্ৰী মুক্তিনাথ মন্দিৰলৈ আহিছিল। জিলা আৰক্ষী কার্যালয়ৰ আৰক্ষী পৰিদৰ্শক তথা তথ্য বিষয়া ঈশ্বৰ মাতে উল্লেখ কৰে যে নেপালৰ বানপানী আৰু ভূমিস্খলনৰ বাবে মুক্তিনাথলৈ যোৱা পথটো বন্ধ হৈ থকাৰ ফলত তীৰ্থযাত্ৰীৰ সংখ্যা যথেষ্ট হ্ৰাস পায়। কিন্তু বিগত এসপ্তাহত ক্ৰমান্বয়ে বৃদ্ধি পাইছে তীৰ্থযাত্ৰীৰ সংখ্যা। তেওঁ জনোৱা মতে, পোখাৰা হৈ নিজৰ বাহনেৰে মুক্তিনাথলৈ যোৱা ভক্তৰ সংখ্যা বৃদ্ধি পাইছে, দৈনিক দহ হাজাৰৰো অধিক তীৰ্থযাত্ৰীয়ে মন্দিৰটোলৈ আহে।
আগষ্ট আৰু ছেপ্টেম্বৰ মাহত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বেনি-জমছম পথটো বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ ফলত প্ৰায় এমাহ ধৰি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। প্ৰতি বছৰে পিত্ৰু পক্ষ (সোহৰাশ্ৰাদ্ধ)ৰ সময়ত হাজাৰ হাজাৰ ভক্তই মুস্তাংগ ভ্ৰমণ কৰে। কিন্তু এইবাৰ পথ সংযোগ বিঘিনিৰ বাবে পৰ্যটক আৰু তীৰ্থযাত্ৰী মুস্তাংগলৈ যাব পৰা নাছিল। মুক্তিনাথ মন্দিৰলৈ অহা ভক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বেনি-জোমছম পথৰ কাষৰ হোটেল আৰু অন্যান্য থকাৰ ব্যৱস্থাসমূহ ভিৰ হৈ পৰিছে। মুস্তাংগলৈ বৃদ্ধি পোৱা পৰ্যটকৰ আগমনৰ ফলত স্থানীয় কৃষিজাত সামগ্ৰীৰ চাহিদাও বৃদ্ধি পাইছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ