
ইটানগৰ, ২৬ অক্টোবৰ (হি.স.)। অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ যুৱক-যুৱতীসকলে পাছিঘাটত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত, ছিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰে ৰেপিড একচন ফৰ্চ (আৰ এ এফ) আৰু চি আৰ পি এফৰ দুটা কোম্পানীক আইন-শৃংখলা বজাই ৰাখিবলৈ নিয়োগ কৰিছে।
খবৰ অনুসৰি দেওবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছিল আৰ এ এফৰ নিয়োগ। ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে পৰিবহণ কৰা প্ৰায় ২৫০ জন আৰ এ এফৰ জোৱান পাছিঘাটত উপস্থিত হয়।
সূত্ৰ অনুসৰি শনিবাৰে গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৰ পিছত প্ৰায় ২৫০ জন জোৱানৰে গঠিত আৰ এ এফৰ দুটা কোম্পানীক ভাৰতীয় বায়ুসেনাৰ পৰিবহণ বিমানেৰে নৱী মুম্বাইৰ পৰা পাছিঘাটলৈ বিমানযোগে প্ৰেৰণ কৰা হয়। দেওবাৰে পাছিঘাটত উপস্থিত হোৱা এই ইউনিটসমূহ তাত নিয়োগ কৰা হৈছে।
অৰুণাচল প্ৰদেশৰ ছিয়াং অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পাছিঘাটত ৰেপিড একচন ফৰ্চ মোতায়েন কৰা হৈছে। 'চিয়াং উচ্চ বহুমুখী প্ৰকল্প'ক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে, যাৰ বাবেই আৰ এফ মোতায়েন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া