
গুৱাহাটী, ২৩ অক্টোবৰ (হি.স.)। কংগ্ৰেছে এই মুহূৰ্তত গণতন্ত্ৰৰ ৰক্ষাৰ ক্ষেত্ৰত বিজেপি ৰ মাজত ভয় সুমুৱাব পাৰিছে। বিজেপি এতিয়া ভয়ত কম্পিত হৈছে। এই মন্তব্য এ পি চি চিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ ।আজি সোনাপুৰত জুবিন ক্ষেত্ৰত উপস্থিত হৈ গৌৰৱ গগৈয়ে বিজেপি তথা এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে।
বিজেপি চৰকাৰক সমালোচনা কৰি গগৈয় কয় যে আঢ়ৈ বছৰ নাথাকে আৰু বিজেপি চৰকাৰ। ২০২৯ ৰ আগত বিজেপি য়ে গাদী এৰিব লাগিব। বিজেপি য়ে নিজৰ ভুল শুদ্ধ কৰাতকৈ নিজৰ চোৰ আৰু ডকাইতৰ মনোভাব লুকুৱাবলৈ গণতন্ত্ৰৰ বিৰুদ্ধে, ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে।
এ পি চি চিৰ সভাপতি গৰাকীয়ে কয় যে জ্ঞানেশ কুমাৰে এক প্ৰকাৰে সংবিধানৰ ওপৰত আক্ৰমণ চলাইছে। দেশদ্ৰোহ কৰা কোনো সাৰি যাব নোৱাৰিব, জেল যাব লাগিব। কেন্দ্ৰীয় চৰকাৰ সলনি হ'লে অসমৰো বহু ৰাজনৈতিক নেতা জেল যাব লগা হ'ব বুলিও গৌৰৱ গগৈয়ে সকীয়াই দিয়ে।
ইফালে নগাঁও উপ নিৰ্বাচন সন্দৰ্ভত গগৈয়ে কয় যে নগাঁও নিৰ্বাচন নিৰপেক্ষ হোৱা নাই। আমাৰ গাড়ীৰ ওপৰত আক্ৰমণ হ'ল, তাৰ কিবা ব্যৱস্থা হ'ল নেকি? বিজেপি ৰ ষ্টাৰ কোম্পেইনাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা নহয় আজমলহে। বিজেপি ৰ বাবে এ আই ইউ ডি এফ লাখুটি বুলিও তেঁও কটাক্ষ কৰে।
কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ, বিজেপি, এ আই ইউ ডি এফ এতিয়া একেই হ'ল। পৰাজয়ৰ কথাবোৰ আমি এখন মজিয়াত আলোচনা কৰিম। নগাঁও নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতো দলীয় ব্যৰ্থতা স্বীকাৰ নকৰে গৌৰৱ গগৈয়ে। নগাঁও নিৰ্বাচনত পৰাজয়ৰ দোষ নিৰ্বাচন আয়োগ আৰু আজমললৈ ঠেলি গা এৰা মন্তব্য গৌৰৱ গগৈৰ।
নিৰ্বাচন আয়োগ আৰু আজমলৰ বাবেই হেনো তৃতীয় স্থানত থাকিল কংগ্ৰেছ।
হিন্দুস্থান সমাচাৰ / Narayan Kar