দেশৰ ৰাজনীতি আৰু শাসন ব্যৱস্থাক পথ প্ৰদৰ্শন কৰিছে ভাৰতীয় জনসংঘৰ মতাদৰ্শঃ নীতিন নবীন
নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰা উদ্দেশ্য আৰু আদৰ্শ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পূৰণ কৰা হৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে জনসংঘৰ ধাৰণাই দেশৰ ৰাজনীতি আৰু শাস
nitin navin


নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰা উদ্দেশ্য আৰু আদৰ্শ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পূৰণ কৰা হৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে জনসংঘৰ ধাৰণাই দেশৰ ৰাজনীতি আৰু শাসন ব্যৱস্থাক পথ প্ৰদৰ্শন কৰিছে।

বিজেপিৰ পূৰ্বৰ সংগঠন ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীৰ সময়ত নীতিন নবীনে সাংবাদিকৰ আগত কয় যে ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে নিৰ্দিষ্ট উদ্দেশ্য আৰু মিছন লৈ প্ৰতিষ্ঠা কৰা জনসংঘই ৭৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাটো সকলোৰে বাবে সৌভাগ্যৰ কথা। এই যাত্ৰাক সফল বুলি অভিহিত কৰি তেওঁ কয় যে যি ধাৰণা আৰু লক্ষ্যৰে জনসংঘৰ আৰম্ভণি হৈছিল, সেইবোৰে এতিয়াও দেশৰ ৰাজনীতি আৰু শাসন ব্যৱস্থাক পথ প্ৰদৰ্শন কৰি আছে।

বিজেপিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে যে জনসংঘ প্ৰতিষ্ঠাৰ আঁৰৰ প্ৰাথমিক উদ্দেশ্য আছিল সাংস্কৃতিক জাতীয়তাবাদৰ শিপা শক্তিশালী কৰা, এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক প্ৰসাৰিত কৰা আৰু উন্নয়নৰ সুফল সমাজৰ শেষ ব্যক্তিৰ মাজলৈ লৈ যোৱা। স্বচ্ছ চৰকাৰ স্থাপন আৰু সুশাসনো জনসংঘৰ মূল মূল্যবোধৰ ভিতৰত আছিল। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এই লক্ষ্যসমূহ পূৰণৰ বাবে কাম চলি আছে। উন্নয়নৰ সুফল সমাজৰ শেষ ব্যক্তিৰ মাজলৈ লৈ যোৱাৰ লগতে চৰকাৰী আঁচনিৰ জৰিয়তে সুশাসন শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে।

নীতিন নবীনৰ মতে জনসংঘৰ মতাদৰ্শ আৰু মূল উদ্দেশ্য আগুৱাই নিয়াটো দলৰ ৰাজনৈতিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। তেওঁ জনসংঘৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত এই মতাদৰ্শৰ দীঘলীয়া যাত্ৰা আৰু ইয়াৰ উদ্দেশ্যৰ প্ৰাসংগিকতাৰ সম্পৰ্ক স্থাপন কৰিছিল।

উল্লেখযোগ্য যে ১৯৫১ চনৰ ২১ অক্টোবৰত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰিছিল।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande