সাহিত্য সৃষ্টিৰে সজীৱ অসম’ৰ চিন্তাৰে বৃহত্তৰ ওদালবাকৰা সাৰ্বজনীন দুৰ্গাপূজা
–‘জ্ঞান মন্দিৰ’ শীৰ্ষক থিমেৰে সজোৱা মণ্ডপত অসমৰ সাহিত্যিকসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য গুৱাহাটী, ২০ অক্টোবৰ (হি.স.)। প্ৰতিমা, মণ্ডপসজ্জা, আলোকসজ্জা আৰু ধৰ্মীয় পৰিৱেশৰ বাবে গুৱাহাটীৰ ওদালবাকৰাত অৱস্থিত মা মংগলময়ী মন্দিৰৰ দুৰ্গাপূজাই প্ৰতি বছৰে দৰ্শনাৰ্থ
সাহিত্য সৃষ্টিৰে সজীৱ অসম’ৰ চিন্তাৰে বৃহত্তৰ ওদালবাকৰা সাৰ্বজনীন দুৰ্গাপূজা


–‘জ্ঞান মন্দিৰ’ শীৰ্ষক থিমেৰে সজোৱা মণ্ডপত অসমৰ সাহিত্যিকসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য

গুৱাহাটী, ২০ অক্টোবৰ (হি.স.)। প্ৰতিমা, মণ্ডপসজ্জা, আলোকসজ্জা আৰু ধৰ্মীয় পৰিৱেশৰ বাবে গুৱাহাটীৰ ওদালবাকৰাত অৱস্থিত মা মংগলময়ী মন্দিৰৰ দুৰ্গাপূজাই প্ৰতি বছৰে দৰ্শনাৰ্থী আৰু ভক্তসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। কিন্তু এইবাৰ পূজাৰ বিশেষ আকৰ্ষণ কেৱল বাহ্যিক সজ্জাতে সীমাবদ্ধ নহয়, অসমৰ সাহিত্য-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদনৰ এক অভিনৱ প্ৰয়াসো ইয়াৰ সৈতে জড়িত হৈ আছে। ‘সাহিত্য সৃষ্টিৰে সজীৱ আমাৰ অসম’ৰ চিন্তাক আগত ৰাখি ‘জ্ঞান মন্দিৰ’ শীৰ্ষক থিমেৰে দেৱী দুৰ্গাৰ আৰাধনাত ব্ৰতী হৈছে বৃহত্তৰ ওদালবাকৰা সাৰ্বজনীন পূজা মন্দিৰ সমিতি।

ষষ্ঠীৰ দিনা ফিতা কাটি ৫৬ সংখ্যক দুৰ্গাপূজাৰ মণ্ডপ উদ্বোধন কৰে সাহিত্য অকাদেমি অনুবাদ বঁটাপ্ৰাপক বিশিষ্ট লেখক, কবি, অনুবাদক, সুবক্তা আৰু গৱেষক দিগন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংযুক্ত অধ্যাপক, অৰবিন্দৰ একনিষ্ঠ ভক্ত তথা সাহিত্য অকাদেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাৰ উপস্থিতিয়ে উদ্বোধনী অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পূজা সমিতিৰ সভাপতি ৰবীন্দ্ৰচন্দ্ৰ দে, তিনিগৰাকী উপ-সভাপতি সাধন ঘোষ, বিজয় মজুমদাৰ আৰু সাধন চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক জিশু ভট্টাচাৰ্যকে ধৰি সমিতিৰ অন্যান্য বিষয়ববীয়া। ইয়াৰ উপৰি বকুল নাথ, অজিত মণ্ডল, অনীকসুন্দৰ বিশ্বাস, লক্ষ্মী চৰকাৰ, মৌমিতা বিশ্বাস আৰু উত্তম ভট্টাচাৰ্যকে ধৰি সমিতিৰ অন্যান্য সদস্য তথা অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।

মণ্ডপ উদ্বোধন উপলক্ষে আয়োজিত সভাত ভাষণ দি দিগন্ত বিশ্ব শৰ্মাই পূজাৰ থিম হিচাপে সাহিত্য সৃষ্টিৰ চিন্তাক বাছনি কৰাৰ বাবে আয়োজকসকলক অভিনন্দন জনায়। অসমৰ সৃষ্টিশীল সাহিত্য আৰু সাহিত্যিক ঐতিহ্যক নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত সমিতিৰ এই পদক্ষেপক তেওঁ ভূয়সী প্ৰশংসা কৰে। সাহিত্য আৰু সংস্কৃতিৰ চৰ্চাক উৎসৱৰ সৈতে সংযুক্ত কৰাৰ এনে প্ৰয়াসে সমাজত জ্ঞানচৰ্চা আৰু সৃজনশীলতাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে।

আজি মঙলবাৰে এই তথ্য সদৰী কৰি পূজা সমিতিৰ সাধাৰণ সম্পাদক জিশু ভট্টাচাৰ্যই কয় যে প্ৰতি বছৰে সমাজৰ প্ৰতি এক গঠনমূলক বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে বিশেষ থিম নিৰ্বাচন কৰা হয়। লগতে সম্পূৰ্ণ বৈদিক ৰীতি-নীতি আৰু পৰম্পৰাগত আচাৰ-অনুষ্ঠান অনুসৰি মা মংগলময়ী মন্দিৰৰ দুৰ্গাপূজা সম্পন্ন কৰা হয়।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ পৃষ্ঠপোষকতাত পৰিচালিত এইবাৰৰ মণ্ডপসজ্জাত অসমৰ সাহিত্য আৰু সংস্কৃতিৰ গৌৰৱোজ্জ্বল ঐতিহ্যক বিশেষ গুৰুত্ব দিয়া হৈছে। অসমৰ প্ৰথিতযশা সাহিত্যিক আৰু মনীষী লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নলিনীবালা দেৱী, মামণি ৰয়ছম গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন, হোমেন বৰগোহাঞি, ভবেন্দ্ৰনাথ শইকীয়া, বিষ্ণুপ্ৰসাদ ৰাভা, নিৰ্মলপ্ৰভা বৰদলৈ, লক্ষ্মীনন্দন বৰা, হীৰেন ভট্টাচাৰ্য, আনন্দচন্দ্ৰ আগৰৱালা, যতীন্দ্ৰনাথ দুৱৰা, অতুলচন্দ্ৰ হাজৰিকাকে ধৰি বহু বিশিষ্ট সাহিত্যিকৰ বৃহৎ চিত্ৰপটেৰে মণ্ডপৰ মূল অংশ সজাই তোলা হৈছে। ইয়াৰ উপৰি মণ্ডপৰ ভিতৰত শাৰী শাৰীকৈ সজাই ৰখা হৈছে অসমৰ প্ৰায় সকলো সাহিত্যিকৰ সৃষ্টিৰ প্ৰতীকী গ্ৰন্থ। সামগ্ৰিকভাৱে ‘জ্ঞান মন্দিৰ’ থিমৰ জৰিয়তে সাহিত্য, জ্ঞান আৰু সংস্কৃতিৰ এক অনন্য পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে আয়োজক সমিতিয়ে।

জিশু ভট্টাচাৰ্যই আৰু জানিবলৈ দিয়ে যে এইবাৰৰ পূজাৰ বাজেট প্ৰায় ৩৫ লাখ টকা। ভক্ত আৰু দৰ্শনাৰ্থীৰ আকৰ্ষণৰ লগতে বৈদিক শাস্ত্ৰনিৰ্ধাৰিত ৰীতি-নীতি পালনৰ ক্ষেত্ৰতো সমিতিয়ে কোনো ধৰণৰ ত্ৰুটি ৰাখিব বিচৰা নাই। সম্পূৰ্ণ বৈদিক শাস্ত্ৰবিধি অনুসৰি ষোড়শোপচাৰেৰে দেৱীৰ আৰাধনা কৰা হৈছে। প্ৰতিদিনে দুপৰীয়া ভক্তসকলৰ মাজত মহাপ্ৰসাদ হিচাপে খিচিৰি বিতৰণ কৰা হৈছে। ইয়াৰ উপৰি সন্ধিয়া নিৰ্ধাৰিত সূচী অনুসৰি ভক্তসকলৰ বাবে বিশেষ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। ষষ্ঠীৰ দিনা পায়স, সপ্তমীৰ দিনা পোলাও আৰু আলু-পনীৰৰ ব্যঞ্জন তথা পুৰি-হালুৱাৰ দৰে খাদ্য পৰিৱেশন কৰা হৈছে। মহাষ্টমীৰ দিনা বিতৰণ কৰা হৈছে ফ্ৰাইড ৰাইচ আৰু আলুৰ দম।

তেওঁ আৰু জানিবলৈ দিয়ে যে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি পূজাস্থলীত ভক্ত আৰু দৰ্শনাৰ্থীৰ নিৰাপত্তা তথা শৃংখলা বজাই ৰাখিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ধৰ্মীয় নিষ্ঠা, সাহিত্যচৰ্চা আৰু সাংস্কৃতিক ঐতিহ্যৰ সমন্বয়েৰে বৃহত্তৰ ওদালবাকৰা সাৰ্বজনীন দুৰ্গাপূজাই এইবাৰ কেৱল দেৱী আৰাধনাৰ উৎসৱ হিচাপেই নহয়, অসমৰ সাহিত্যিক ঐতিহ্যক নৱপ্ৰজন্মৰ সন্মুখত তুলি ধৰাৰ এক তাৎপৰ্যপূৰ্ণ মঞ্চ হিচাপেও আত্মপ্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande