


কোকৰাঝাৰ, ০২ অক্টোবৰ (হি.স.)। ৰেল বিভাগৰ আলিপুৰদুৱাৰ মণ্ডলৰ (APDJ) উদ্যোগত আজি ডিআৰএম কাৰ্যালয় চৌহদত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী শ্ৰদ্ধাৰে উদযাপন কৰা হয়। এই উপলক্ষে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।
অনুষ্ঠানত আলিপুৰদুৱাৰ মণ্ডলৰ এডিআৰএম শ্ৰী এছ. কামেইৰ লগতে বিভিন্ন পৰ্যায়ৰ বিষয়া আৰু ৰে’লৱে কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি ইয়াৰ পিছতে ‘প্ৰভাত ফেৰী’ অনুষ্ঠিত কৰা হয়।
ইয়াৰ উপৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে বৃক্ষৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচী সমূহৰ জৰিয়তে স্বচ্ছতা, পৰিৱেশ সংৰক্ষণ আৰু সামূহিক দায়বদ্ধতাৰ প্ৰতি ৰে’লৱেৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ পায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ