কোকৰাঝাৰত বিশেষ অভিযানৰ জৰিয়তে বন অধিকাৰ পট্টা বিতৰণ
কোকৰাঝাৰ, ০২ অক্টোবৰ (হি.স.)। কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় (BASC)ত আজি বন অধিকাৰ আইন, ২০০৬ৰ অধীনত যোগ্য বনাঞ্চলবাসী লোকসকলৰ অধিকাৰ স্বীকৃতি আৰু সুৰক্ষাৰ উদ্দেশ্যে এক বিশেষ অভিযানৰ অংশ হিচাপে বন অধিকাৰ পট্টা বিতৰণ অনুষ্ঠান অনু
কোকৰাঝাৰত বিশেষ অভিযানৰ জৰিয়তে বন অধিকাৰ পট্টা বিতৰণ


কোকৰাঝাৰত বিশেষ অভিযানৰ জৰিয়তে বন অধিকাৰ পট্টা বিতৰণ


কোকৰাঝাৰ, ০২ অক্টোবৰ (হি.স.)। কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় (BASC)ত আজি বন অধিকাৰ আইন, ২০০৬ৰ অধীনত যোগ্য বনাঞ্চলবাসী লোকসকলৰ অধিকাৰ স্বীকৃতি আৰু সুৰক্ষাৰ উদ্দেশ্যে এক বিশেষ অভিযানৰ অংশ হিচাপে বন অধিকাৰ পট্টা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ব্যক্তিগত বন অধিকাৰ (IFR) আৰু সামূহিক বন অধিকাৰ (CFR)ৰ পট্টা বিতৰণ কৰা হয়।

অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিক ভাৱে হিতাধিকাৰী সকলৰ মাজত বন অধিকাৰ পট্টা বিতৰণ কৰে। অনুষ্ঠানত কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক চেৱলী মহিলাৰী, বাওখুংগ্ৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰয়, বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, এমচিএলএ ধনেশ্বৰ গয়াৰী, জুবিৰাজ বসুমতাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, অতিৰিক্ত উপায়ুক্ত সকল আৰু সংশ্লিষ্ট বিষয়া সকল উপস্থিত থাকে।

বিশেষ অভিযানৰ অংশ হিচাপে আজি ৬০টা ব্যক্তিগত বন অধিকাৰ পট্টা আৰু ২০টা সামূহিক বন অধিকাৰ পট্টা আনুষ্ঠানিক ভাৱে হিতাধিকাৰী সকলৰ হাতত অৰ্পণ কৰা হয়। জিলা পৰ্যায়ৰ সমিতিয়ে এতিয়ালৈকে কোকৰাঝাৰ জিলাৰ ১০৩খন গাঁও সামৰি মুঠ ১,০৬৩টা বন অধিকাৰ পট্টা অনুমোদন কৰিছে। ইয়াৰ ভিতৰত ৮৬৮টা ব্যক্তিগত বন অধিকাৰ পট্টা আৰু ১৯৫টা সামূহিক বন অধিকাৰ পট্টা আছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে এই পদক্ষেপক আদৰণি জনাই কয় যে বিটিচি অঞ্চলৰ বিভিন্ন প্ৰান্তলৈ এই বিশেষ অভিযান সম্প্ৰসাৰণ কৰা হৈছে। তেওঁ পট্টা লাভ কৰা হিতাধিকাৰী সকলক পট্টা লাভ কৰাৰ পিছত ভূমি পুনৰ বিক্ৰী নকৰিবলৈ আহ্বান জনোৱাৰ লগতে বন সংৰক্ষণ আৰু প্ৰকৃতিৰ সৈতে সমন্বয় ৰক্ষা কৰি জীৱন-যাপন কৰিবলৈ আহ্বান জনায়।

বিধায়ক চেৱলী মহিলাৰীয়ে হিতাধিকাৰী সকলক অভিনন্দন জনাই কয় যে এই পট্টা বিতৰণে বহু লোকৰ দীৰ্ঘদিনীয়া আকাংক্ষা পূৰণ কৰিছে। জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত ভূমিৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ বন আৰু পৰিৱেশ সংৰক্ষণত অধিক জনসাধাৰণৰ অংশগ্ৰহণৰ আহ্বান জনায়। লগতে মানৱ-হাতী সংঘাত হ্ৰাস কৰাৰ লগতে বনাঞ্চলৰ বাসস্থান সুৰক্ষিত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

বিধায়ক ৰূপম চন্দ্ৰ ৰয়েও বন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যই গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়।

অনুষ্ঠানৰ আদৰণি ভাষণত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে বিশেষ অভিযান আৰু বন অধিকাৰ আইন, ২০০৬ৰ তাৎপৰ্য ব্যাখ্যা কৰে। তেওঁ কয় যে বনাঞ্চলৰ ওপৰত পৰম্পৰাগতভাৱে নিৰ্ভৰশীল বনাঞ্চলবাসী সম্প্ৰদায়সমূহৰ অধিকাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত এই আইনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ লগতে জানিবলৈ দিয়ে যে এই অভিযানৰ অধীনত প্ৰদান কৰা বন অধিকাৰ পট্টাৰ প্ৰমাণপত্ৰত QR কোড সংযোজন কৰা হ’ব, যাৰ ফলত পট্টাসমূহৰ প্ৰামাণিকতা আৰু সহজে যাচাই কৰাৰ সুবিধা বৃদ্ধি পাব।

জিলা আয়ুক্ত গৰাকীয়ে বন অধিকাৰৰ স্বীকৃতিৰ সৈতে বন সংৰক্ষণৰ দায়িত্বও সমান্তৰাল ভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ হিতাধিকাৰী সকলক বাসস্থান আৰু জীৱিকাৰ বাবে ভূমি ব্যৱহাৰ কৰাৰ লগতে বনজ সম্পদৰ সুৰক্ষা আৰু সংৰক্ষণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande