উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ স্বচ্ছতা হি সেৱা ২০২৬ ৰ অধীনত গান্ধী জয়ন্তী উদযাপনৰ শুভাৰম্ভ
গুৱাহাটী, ০২ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেই “স্বচ্ছতা মে সহভাগ, স্বচ্ছ ভাৰত, বিকশিত ভাৰত” শীৰ্ষক মূলমন্ত্ৰৰে বৰ্তমানে চলি থকা স্বচ্ছতা হি সেৱা ২০২৬ অভিযানৰ অংশ হিচাপে আজি গান্ধী জয়ন্তী উদযাপন আৰু স্বচ্ছ ভাৰত দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ ক
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰস্বচ্ছতা হি সেৱা ২০২৬ ৰ অধীনত গান্ধী জয়ন্তী উদযাপনৰ শুভাৰম্ভ


গুৱাহাটী, ০২ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে’লৱেই “স্বচ্ছতা মে সহভাগ, স্বচ্ছ ভাৰত, বিকশিত ভাৰত” শীৰ্ষক মূলমন্ত্ৰৰে বৰ্তমানে চলি থকা স্বচ্ছতা হি সেৱা ২০২৬ অভিযানৰ অংশ হিচাপে আজি গান্ধী জয়ন্তী উদযাপন আৰু স্বচ্ছ ভাৰত দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

এই উপলক্ষে মালিগাঁৱস্থিত মহাপ্ৰবন্ধকৰ কাৰ্যালয় চৌহদত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানত মহাত্মা গান্ধীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত চিৰন্তন বাৰ্তা আৰু এক অধিক পৰিষ্কাৰ, স্বাস্থ্যসন্মত তথা বহনক্ষম পৰিৱেশ গঢ়ি তোলাত সামূহিক অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়।

গান্ধী জয়ন্তী উদযাপনৰ অংশ হিচাপে ৰে’লৱেৰ আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু ৰে’লৱে কৰ্মচাৰীসকলৰ সা-সুবিধা উন্নত কৰাৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ উদ্যোগত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত পাণ্ডুৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত ইলেক্ট্ৰনিক ইন্টাৰলকিং প্ৰশিক্ষণৰ সুবিধাৰ উদ্বোধনআৰু গোশালা মডেল ষ্টাফ কল’নী উদ্বোধনৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী অন্তৰ্ভূক্ত থাকে।

এই পদক্ষেপসমূহে প্ৰশিক্ষণৰ আন্তঃগাঁথনি উন্নতকৰণ, কৰ্মচাৰীসকলৰ সুবিধা বৃদ্ধি কৰা আৰু বহনক্ষম উন্নয়নক উৎসাহিত কৰাৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অব্যাহত গুৰুত্বকে প্ৰতিফলিত কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ সংস্থাইও গান্ধী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে । জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত উত্তৰ-পূব সীমান্ত ৰেলৱেই নিৰ্মাণৰ মহাপ্ৰবন্ধক আশীষ বানছালে আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। নিৰ্মাণ সংস্থাৰ অধীনস্থ বিভিন্ন কাৰ্যালয় আৰু প্ৰকল্পস্থলীতো একেধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এই উদযাপনৰ অংশ হিচাপে বৃক্ষৰোপণ অভিযানৰ লগতে ৰে’লৱে চৌহদত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যসন্মত পৰিৱেশ বজাই ৰখাৰ দিশত মূল্যৱান অৱদান আগবঢ়োৱা ‘চাফাই মিত্ৰ’ সকলক তেওঁলোকৰ সেৱাৰ স্বীকৃতি স্বৰূপে বঁটা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

এই উপলক্ষ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’ল ষ্টেচন, ৰে’লপথ, ৰে’লৱে কলনী আৰু কাৰ্যালয় চৌহদত বিস্তৃত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, যাত্ৰী আৰু স্থানীয় ৰাইজৰ বাবে সজাগতা অভিযান, ৰে’লৱে কৰ্মচাৰীসকলৰ বাবে মত বিনিময়ৰ বৈঠক আৰু ৱৰ্কশ্বপ, পৰিষ্কাৰ-পৰিচ্ছতাৰ শপত গ্ৰহণ তথা ব্যৱহাৰৰ অনুপযোগী সামগ্ৰীৰ চিনাক্তকৰণ, পৃথকীকৰণ আৰু সঠিকভাৱে নিষ্পত্তিৰ বাবে বিশেষ পদক্ষেপকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দায়িত্বশীলভাৱে আৱৰ্জনাৰ ব্যৱস্থাপনা, পৰিষ্কাৰ-পৰিচ্ছতাৰ অভ্যাস শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ অবিৰত অংশগ্ৰহণক উৎসাহিত কৰাৰ লক্ষ্যৰেএই কাৰ্যসূচী সমূহৰ আয়োজন কৰা হয়।

মুখ্য কাৰ্যালয়, পাঁচটা মণ্ডল আৰু নিৰ্মাণ সংস্থাৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰিষ্কাৰ-পৰিচ্ছন্নতা যে এক সামূহিক দায়িত্ব, সেই বাৰ্তা অধিক শক্তিশালী কৰিছে। স্বচ্ছ ভাৰত দিৱসৰ উদযাপনে পৰিষ্কাৰ ভাৰতৰ প্ৰতি মহাত্মা গান্ধীৰ দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ স্মৰণক সোঁৱৰাই ৰাইজৰ অবিৰত সহযোগ আৰু সামূহিক কামকাজৰ জৰিয়তে অধিক পৰিষ্কাৰ, সেউজ আৰু বহনক্ষম ৰে’লৱে পৰিৱেশ গঢ়ি তোলাৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তোলে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande