
নতুন দিল্লী, ১৮ অক্টোবৰ (হি.স.)। দেওবাৰে দিল্লী হাফ মাৰাথনত পুৰুষৰ অভিজাত দৌৰত কেনিয়াৰ চাৰ্লছ মাটাতাই কোৰ্চৰ অভিলেখ ভংগ কৰি খিতাপ দখল কৰাৰ বিপৰীতে ইথিওপিয়াৰ ৱুডিনেছ আলেমুৱে মহিলাৰ অভিজাত দৌৰত প্ৰথম স্থান লাভ কৰে। ভাৰতীয় দৌৰবিদসকলৰ ভিতৰত পুৰুষৰ দৌৰত শৈলেশ কুশৱাহা আৰু মহিলাৰ দৌৰত অংকিতা ধ্যানীয়ে শীৰ্ষস্থান দখল কৰে।
মাটাটাই ৫৮ মিনিট ৫২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ২০২০ চনত ইথিওপিয়াৰ আমেডেৱৰ্ক ৱালেলেগনে স্থাপন কৰা ৫৮ মিনিট ৫৩ ছেকেণ্ডৰ অভিলেখ এক ছেকেণ্ডেৰে অতিক্ৰম কৰে। এই কৃতিত্বৰ বাবে মাটাতাই লাভ কৰিব ২৭ হাজাৰ মাৰ্কিন ডলাৰৰ পুৰস্কাৰৰ ধন, লগতে অতিৰিক্ত ১২ হাজাৰ মাৰ্কিন ডলাৰৰ বোনাছ।
মাটাতাৰ যমজ ভাতৃ এলেক্স মাটাতাই ২০২৫ চনত ৫৯ মিনিট ৫০ ছেকেণ্ড সময়েৰে খিতাপ দখল কৰিছিল। পুৰুষৰ অভিজাত দৌৰত এইবাৰ আধিপত্য বিস্তাৰ কৰে কেনিয়াৰ দৌৰবিদসকলে। ছামৱেল ন্যামাই মেলুৱে ৫৯ মিনিট ২৪ ছেকেণ্ড সময়েৰে দ্বিতীয় স্থান দখল কৰে আৰু ষ্টেনলি ৱাইথাকা ম্ব্ৰুৱে ৫৯ মিনিট ৩৩ ছেকেণ্ড সময়েৰে তৃতীয় স্থান দখল কৰে।
মহিলাৰ অভিজাত দৌৰত ইথিওপিয়াৰ ৱুডিনেছ আলেমুৱে ১ ঘণ্টা ৬ মিনিট ৩৫ ছেকেণ্ডত খিতাপ দখল কৰে। কেনিয়াৰ চেলা বুছিয়েনেই ১ ঘণ্টা ৭ মিনিট ১ ছেকেণ্ড সময়েৰে দ্বিতীয় স্থান লাভ কৰে আৰু চিন্থিয়া চেলাংগাট চেপকৱনীয়ে ১ ঘণ্টা ৭ মিনিট ৩২ ছেকেণ্ড সময়েৰে তৃতীয় স্থান লাভ কৰে।
শৈলেশ আৰু অংকিতা শীৰ্ষ ভাৰতীয় দৌৰবিদ
ভাৰতীয় অভিজাত পুৰুষৰ শাখাত শৈলেশ কুশৱাহাই ১ ঘণ্টা ৫ মিনিট ৫ ছেকেণ্ড সময়েৰে প্ৰথম স্থান দখল কৰে। গৌৰৱ মাথুৰে ১:০৫:১১ সময়েৰে দ্বিতীয় স্থান লাভ কৰে, আৰু হেমন্ত কুমাৰে ১:০৫:৩৭ সময়েৰে তৃতীয় স্থান লাভ কৰে।
মহিলাৰ ভাৰতীয় অভিজাত শাখাত অংকিতা ধ্যানীয়ে ১:১২:৪৬ সময়েৰে দৌৰত শীৰ্ষস্থান দখল কৰে। ছোনিয়াই ১:১৪:৫৬ সময়েৰে দ্বিতীয় স্থান দখল কৰে, আৰু ভাগীৰথীয়ে ১:১৫:৫১ সময়েৰে তৃতীয় স্থান দখল কৰে।
২ লাখ ৭৫ হাজাৰ ডলাৰৰ ওপৰত পুৰস্কাৰৰ ধন
দিল্লী হাফ মাৰাথন ২০২৬ৰ বাবে মুঠ ২৭৫,৭৩২ মাৰ্কিন ডলাৰৰ পুৰস্কাৰ ধন ঘোষণা কৰা হয়।পুৰুষ আৰু মহিলা এলিট দৌৰৰ বিজয়ীসকলে ২৭,০০০ মাৰ্কিন ডলাৰকৈ লাভ কৰে। ভাৰতীয় অভিজাত পুৰুষ আৰু মহিলা শাখাৰ শীৰ্ষ তিনিগৰাকী দৌৰবিদে ক্ৰমে ৩৫০,০০০ ₹, ২৫০,০০০ ₹, আৰু ১৫০,০০০ ₹ পুৰস্কাৰ ধন লাভ কৰিব।
ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজপথত এই বিশ্ব এথলেটিকছ গোল্ড লেবেল দৌৰত ৪০ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। এইবাৰ ৰুট সলনি কৰা হ’ল। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হাফ মাৰাথন আৰু মুকলি ১০ কিলোমিটাৰ দৌৰকে ধৰি সকলো ডাঙৰ ইভেণ্ট আৰম্ভ হৈছিল আৰু সমাপ্ত হৈছিল।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ