উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰত অনিয়ন্ত্ৰিত গাড়ী গছত খুন্দা মৰাৰ ফলত ৫ জন লোকৰ মৃত্যু
বুলণ্ডশ্বহৰ, ১৬ অক্টোবৰ (হি.স.)। উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰত শুকুৰবাৰে এখন তীব্ৰবেগী গাড়ী গছত খুন্দা মাৰে । এই দুৰ্ঘটনাত ৫ জন লোক নিহত হোৱাৰ লগতে ৩ জন আহত হয় । সকলোৱে মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছিল । আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰে
छतिग्रस्त कार


বুলণ্ডশ্বহৰ, ১৬ অক্টোবৰ (হি.স.)। উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰত শুকুৰবাৰে এখন তীব্ৰবেগী গাড়ী গছত খুন্দা মাৰে । এই দুৰ্ঘটনাত ৫ জন লোক নিহত হোৱাৰ লগতে ৩ জন আহত হয় । সকলোৱে মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছিল । আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি মৃত লোকজনৰ চিনাক্তকৰণৰ কাম অব্যাহত ৰাখিছে।

মুখ্য উন্নয়ন বিষয়া নিশা গ্ৰেৱালে জনোৱা মতে, জিলা সদৰৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত থকা দিবাই তহচিলৰ নৰাউৰা থানা এলেকাত ৰতনপুৰৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। কাছগঞ্জ জিলাৰ সিদ্ধপুৰাৰ পৰা অহা পৰিয়ালটোৱে বুলন্দশ্বহৰ জিলাৰ নৰাউৰাৰ সমীপৰ বেলন গাঁৱৰ সৰ্বমংগলা মাতা (বেলন মাতা) মন্দিৰ পৰিদৰ্শন কৰিবলৈ এখন ভ্যানত যাত্ৰা কৰিছিল। জিলা সদৰৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ দিবাই তহচিলৰ নৰাউৰা থানা এলেকাৰ ৰতনপুৰৰ সমীপত তীব্ৰবেগী গাড়ীখনে গছত খুন্দা মাৰে। ইমানেই তীব্ৰ প্ৰভাৱ পৰিছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিছিল, সন্মুখৰ অংশটো দুফুট পৰ্যন্ত চেপি ধৰা হৈছিল। ভিতৰত আবদ্ধ হৈ পৰিছিল মানুহ। আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি এম্বুলেন্সেৰে সকলোকে চিকিৎসালয়লৈ লৈ যায়, তাৰ পৰাই তেওঁলোকক উচ্চ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।

এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হয়। বাকী তিনি আহতক আলিগড় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কাৰণ তেওঁলোকৰ অৱস্থা সংকটজনক। আৰক্ষীৰ তথ্য অনুসৰি ভ্যানখনত দুগৰাকী মহিলা, তিনিজন পুৰুষ, এগৰাকী ১১ বছৰীয়া কিশোৰী, এজন ৫ বছৰীয়া ল’ৰা আৰু এগৰাকী এবছৰীয়া ছোৱালী আছিল। সম্প্ৰতি মৃতদেহ চিনাক্তকৰণৰ প্ৰচেষ্টা অব্যাহত আছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande