
নতুন দিল্লী, ১৫ অক্টোবৰ (হি.স.)। বিজেপিৰ মহিলা সাংসদৰ এটা প্ৰতিনিধি দলে বৃহস্পতিবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি জেএনইউত যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত কংগ্ৰেছ সাংসদ বিমোল আকোইজাম সন্দৰ্ভত এখন স্মাৰক পত্ৰ দাখিল কৰে।
বিজেপিৰ সাংসদ বনছুৰী স্বৰাজৰ মতে, লোকসভাৰ অধ্যক্ষৰ সৈতে তেওঁলোকৰ আলোচনা ফলপ্ৰসূ আছিল । প্ৰতিনিধি দলটোৱে মহিলাৰ সুৰক্ষা, অভিযোগৰ গুৰুত্ব, এই বিষয়ত উপযুক্ত প্ৰতিষ্ঠানিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত নিজৰ মতামত দাঙি ধৰে।
তেওঁ উল্লেখ কৰে যে বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী তথা সাংসদ ৰূপকুমাৰী চৌধাৰীৰ নেতৃত্বত দলৰ মহিলা সাংসদসকলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোৱে তেওঁৰ আগত এই বিষয়টো উত্থাপন কৰি স্মাৰক পত্ৰ দাখিল কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
বিজেপিয়ে মহিলাৰ সুৰক্ষাৰ বিষয়ত কংগ্ৰেছ নেতৃত্বৰ দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। প্ৰতিনিধি দলটোৰ মহিলা সাংসদসকলে অধ্যক্ষক সাক্ষাৎ কৰি দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে।
বানসুৰী স্বৰাজে অভিযোগ কৰে যে মহিলাৰ অধিকাৰৰ পোষকতা কৰা কংগ্ৰেছ দলে এনে বিষয়ত স্পষ্ট স্থিতি ল’ব লাগে আৰু নেতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ জবাবদিহিতা নিশ্চিত কৰিব লাগে।
স্বৰাজে কয় যে কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে নাৰী শোষণ কৰাসকলৰ কাষত থিয় দিছে। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খৰ্গে, আৰু ছোনিয়া গান্ধীৰ মৌনতাক লৈও প্ৰশ্ন উত্থাপন কৰে। বনছুৰী স্বৰাজে উল্লেখ কৰে যে বিমোল আকোইজামৰ বিৰুদ্ধে ১১ গৰাকী মহিলা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ মতে, জে এন ইউৰ আভ্যন্তৰীণ সমিতিয়ে মহিলা ছাত্ৰীসকলে কৰা অভিযোগ সত্য বুলি বিবেচনা কৰি উপলব্ধ তথ্যৰ ভিত্তিত অভিযোগ নিশ্চিত কৰে। ইয়াৰ পিছতে ২০২৬ চনৰ ৯ অক্টোবৰত জেএনইউৰ পদৰ পৰা বহিষ্কাৰ কৰা হয় আকোইজামক।
এই সমগ্ৰ বিষয়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মৌনতা অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে বিজেপি সাংসদগৰাকীয়ে। মহিলাৰ অধিকাৰ আৰু সুৰক্ষাৰ পোষকতা কৰা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খৰ্গে এই বিষয়ত কিয় কোনো সঁহাৰি নিদিয়ে বুলি প্ৰশ্ন উত্থাপন কৰে।
উল্লেখযোগ্য যে বিজেপিৰ মহিলা সাংসদৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত আবেদন জনাইছিল। ইয়াৰ এদিন পূৰ্বে প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাহটকাৰৰ সৈতে বৈঠকত মিলিত হৈ বিষয়টো আলোচনা কৰিছিল।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ