
ৰিয়াদ, ১৪ অক্টোবৰ (হি.স.)। ছৌদি আৰব আৰু য়েমেনৰ হুতি বিদ্ৰোহীৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। মঙলবাৰে ছৌদি আৰবে উত্তৰ য়েমেনত হুতি বিদ্ৰোহীয়ে ব্যৱহাৰ কৰা বুলি জানিব পৰা এটা বৃহৎ ইন্ধন ডিপোত আক্ৰমণ চলায়। ছৌদি নেতৃত্বাধীন মিত্ৰজোঁটৰ মতে, এই কেন্দ্ৰটো ছৌদি বিমানবন্দৰ, শক্তি সংস্থাপন আৰু লোহিত সাগৰৰ বাণিজ্যিক জাহাজসমূহক লক্ষ্য কৰি চলোৱা অভিযানৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
ইৰাণৰ সমৰ্থিত হুতি বিদ্ৰোহীৰ পৰা ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধ আৰু দক্ষিণ অঞ্চলত মিছাইল আৰু ড্ৰোন আক্ৰমণৰ ভাবুকি বৃদ্ধি পোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে। শেহতীয়াকৈ দুয়োপক্ষৰ মাজত সংঘাতৰ ফলত আঞ্চলিক নিৰাপত্তা আৰু শক্তি স্থাপনৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ পাইছে।
ছৌদি আৰৱৰ নেতৃত্বত মিত্ৰজোঁটে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ বাহিনীয়ে উত্তৰ য়েমেনৰ আল-ছাবাহ চেণ্ট্ৰেল ষ্টেচনক লক্ষ্য কৰি লৈছে, যিটো হুতি নিয়ন্ত্ৰিত অঞ্চলৰ অন্যতম মূল ইন্ধন বিতৰণ কেন্দ্ৰ। উপলব্ধ তথ্য অনুসৰি এই ষ্টেচনটোৰ সংৰক্ষণ ক্ষমতা প্ৰায় ৫৮ হাজাৰ মেট্ৰিক টন।
মিত্ৰজোঁটৰ দাবী যে হুতি বিদ্ৰোহীয়ে সামৰিক অভিযানত সহায় কৰিবলৈ এই ডিপো ব্যৱহাৰ কৰিছিল। এই অভিযানসমূহৰ ভিতৰত আছিল ছৌদি আৰৱৰ ভিতৰৰ ঘাটি আৰু লোহিত সাগৰৰ সাগৰীয় পথসমূহক লক্ষ্য কৰি লোৱা।
ইফালে হাউথী নিয়ন্ত্ৰিত য়েমেন অইল কোম্পানীয়ে পূৰ্বে উল্লেখ কৰিছিল যে এই ডিপোত কোনো ধৰণৰ পেট্ৰলিয়াম সামগ্ৰীৰ মজুত নাই। কোম্পানীটোৰ মতে, এই আক্ৰমণৰ ফলত ইন্ধনৰ মজুত বা যোগানৰ ওপৰত কোনো ডাঙৰ প্ৰভাৱ পৰিব বুলি আশা কৰা হোৱা নাছিল।
হাুতি পক্ষৰ মতে ছৌদি আক্রমণত দুজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন দুজন আহত হয় ৷ আনহাতে ছৌদি আৰৱ নেতৃত্বাধীন মিত্ৰজোঁটে দাবী কৰে যে অভিযানৰ পূৰ্বে সাধাৰণ নাগৰিকক ক্ষতিগ্ৰস্ত অঞ্চলটো খালী কৰিবলৈ সকীয়াই দিয়া হৈছিল।
মিত্ৰজোঁটৰ মুখপাত্ৰ মেজৰ জেনেৰেল তুৰ্কী আল-মালিকিয়ে কয় যে এই অভিযানৰ লক্ষ্য হৈছে ছৌদি আৰব, য়েমেন, দক্ষিণ লোহিত সাগৰ আৰু সাগৰীয় পথৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিবলৈ হাউথী বিদ্ৰোহীয়ে ব্যৱহাৰ কৰা সামৰ্থ্যক দুৰ্বল কৰা। অৱশ্যে এই আক্ৰমণত ক্ষতি আৰু সাধাৰণ লোকৰ হতাহতিৰ দাবীৰ স্বতন্ত্ৰ নিশ্চিতকৰণ উপলব্ধ নহয়।
ইন্ধন ডিপোটোত আক্ৰমণৰ কেইঘণ্টামানৰ পাছত ছৌদি নেতৃত্বাধীন মিত্ৰজোঁটে ৰিয়াধ অঞ্চল আৰু দক্ষিণ চৌদি আৰৱৰ ফালে নিক্ষেপ কৰা তিনিটা ক্ৰুজ মিছাইল আৰু দুখন ড্ৰ’নক বাধা দি ধ্বংস কৰা বুলি কয়।
ছৌদি আৰৱৰ বিষয়াসকলৰ মতে, ইন্টাৰচেপচনৰ ধ্বংসাৱশেষত কমেও চাৰিজন লোক আহত হৈছে। এই ঘটনাসমূহে চৌদি আৰৱৰ প্ৰধান নগৰ অঞ্চল আৰু কৌশলগত স্থাপনসমূহৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
ইফালে ছৌদি আৰৱৰ পূব প্ৰদেশৰ এখন চহৰ ধহৰানতো চৰকাৰী তেল কোম্পানী ছৌদি আৰামকোৰ এটা প্ৰশাসনিক ভৱন লক্ষ্য কৰি লোৱা হয়। এই আক্ৰমণৰ পিছতে অট্টালিকাটোত সামান্য অগ্নিকাণ্ড সংঘটিত হয়।
চৌদি আৰৱৰ শক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ঘটনাত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই। শক্তি স্থাপনৰ সমীপত সংঘটিত এই ঘটনাসমূহে অঞ্চলটোৰ তেল যোগান আৰু শক্তিৰ আন্তঃগাঁথনিৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
শেহতীয়া আক্ৰমণ আৰু প্ৰতিশোধমূলক কাৰ্য্যই ছৌদি আৰৱৰ নিৰাপত্তা, য়েমেনৰ সাধাৰণ নাগৰিকৰ অৱস্থা আৰু লোহিত সাগৰৰ গুৰুত্বপূৰ্ণ সাগৰীয় পথসমূহত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। যদিহে সংঘাত আৰু অধিক তীব্ৰতৰ হয়, তেন্তে ইয়াৰ প্ৰভাৱ আঞ্চলিক স্থিতিশীলতা, বণিক জাহাজৰ গতিবিধি, শক্তি যোগান আদিত প্ৰভাৱিত হ’ব পাৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ