
কোকৰাঝাৰ, ১২ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলা বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ (বিপিএফ) উদ্যোগত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ইউথ ফেষ্টিভেল ২০২৬। ১২ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে বানাৰগাঁও খেলপথাৰ আৰু খাগ্ৰাবাৰী খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই যুৱ মহোৎসৱৰ প্ৰথম দিনটোত এক বৰ্ণাঢ্য গণ সমদলৰ লগতে বিভিন্ন ক্ৰীড়া, সাংস্কৃতিক আৰু সাহিত্যিক কাৰ্যসূচী অনুষ্ঠিত হয়।
বানাৰগাঁও খেলপথাৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে যুৱ মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, প্ৰকাশ বসুমতাৰী আৰু কৰ্মেশ্বৰ ৰায়, বিধায়ক ৰূপম চি ৰয়, যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বড়োৰ লগতে বিপিএফৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে।
দিনটোৰ কাৰ্যসূচী খাগ্ৰাবাৰী খেলপথাৰৰ পৰা বানাৰগাঁও খেলপথাৰলৈ উলিওৱা এক গণ সমদলেৰে আৰম্ভ হয়। সমদলত বিভিন্ন ক্ৰীড়া, সাংস্কৃতিক আৰু সাহিত্যিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা যুৱক-যুৱতীসকলৰ লগতে বিপিএফৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে। সমদলটোৱে যুৱপ্ৰজন্মৰ মাজত উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰাৰ লগতে মহোৎসৱৰ শুভাৰম্ভণিক অধিক বৰ্ণাঢ্য কৰি তোলে।
উদ্বোধনী অনুষ্ঠানৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিপিএফ নেতৃত্বাধীন বিটিচি চৰকাৰে অঞ্চলটোৰ যুৱপ্ৰজন্মৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি আহিছে। বিশেষকৈ ক্ৰীড়া, শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰত যুৱক-যুৱতীসকলক আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰাত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ উল্লেখ কৰে।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা প্ৰাৰ্থীসকলৰ সন্দৰ্ভত মহিলাৰীয়ে জানিবলৈ দিয়ে যে UPSC আৰু APSCৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ উপৰি NEET আৰু JEE পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে।
কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি বিটিচি প্ৰধানগৰাকীয়ে কয় যে ইতিমধ্যে ৫৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীক বিভিন্ন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপে যুৱপ্ৰজন্মক কাৰিকৰী শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
ইফালে, যুৱ মহোৎসৱৰ প্ৰথম দিনটোত এথলেটিকছ, কাবাডী আৰু ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা যুৱ খেলুৱৈসকলে নিজৰ ক্ৰীড়া প্ৰতিভা আৰু প্ৰতিযোগিতামূলক মনোভাৱ প্ৰদৰ্শন কৰে। চাৰিদিনীয়া এই মহোৎসৱত বিভিন্ন সাংস্কৃতিক আৰু সাহিত্যিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব।
যুৱপ্ৰজন্মৰ প্ৰতিভা বিকাশ, ক্ৰীড়া মনোভাৱ গঢ়ি তোলা, সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰাই এই ইউথ ফেষ্টিভেলৰ মূল উদ্দেশ্য। অহা ১৫ অক্টোবৰলৈকে কোকৰাঝাৰৰ নিৰ্ধাৰিত দুয়োটা খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰে এই যুৱ মহোৎসৱ অব্যাহত থাকিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ