সেৱা সংকল্প অভিযানৰ অধীনত কামৰূপ মহনগৰত আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলক সম্বৰ্ধনা
গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। কামৰূপ মহানগৰ জিলাৰ আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলক তেওঁলোকে আগবঢ়োৱা গুৰুত্বপূৰ্ণ সেৱাৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে ‘সেৱা সংকল্প অভিযান’ৰ অধীনত জিলাখনত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানৰ আজি দ্বিতীয় দিন। এই অনুষ্
সেৱা সংকল্প অভিযানৰ অধীনত কামৰূপ মহনগৰত আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলক সম্বৰ্ধনা


গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। কামৰূপ মহানগৰ জিলাৰ আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলক তেওঁলোকে আগবঢ়োৱা গুৰুত্বপূৰ্ণ সেৱাৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে ‘সেৱা সংকল্প অভিযান’ৰ অধীনত জিলাখনত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানৰ আজি দ্বিতীয় দিন।

এই অনুষ্ঠানত তেওঁলোকৰ নিষ্ঠা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে ১,০০০ টকাকৈ এককালীন প্ৰেৰণামূলক আৰ্থিক সাহায্য আৰু মুখ্যমন্ত্ৰীৰ স্বাক্ষৰিত মানপত্ৰ প্ৰদান কৰা হয়।

এই উপলক্ষে আজি দিশপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম ৱাটাৰ চেন্টাৰত আয়োজিত অনুষ্ঠানত বিধায়ক শ্রী প্ৰদ্যুৎ বৰদলৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আশাকৰ্মীক চেক আৰু মানপত্ৰ বিতৰণ কৰে। অনুষ্ঠানত মুঠ ১২০ গৰাকী আশাকৰ্মীক চেক আৰু মানপত্ৰ প্ৰদান কৰা হয়।

আনহাতে, গুৱাহাটী চেন্ট্ৰেল বিধানসভা সমষ্টিৰ অধীনত কুমাৰপাৰা সনাতন নামঘৰত অনুষ্ঠিত অনুষ্ঠানত বিধায়ক বিজয় কুমাৰ গুপ্তাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত মুঠ ৭০ গৰাকী আশাকৰ্মীক চেক আৰু মানপত্ৰ প্ৰদান কৰা হয়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande