
হৰিদ্বাৰ, ১২ অক্টোবৰ (হি.স.)। ত্ৰিপুৰাত মহিলা নেতৃত্বাধীন হস্ততাঁত উদ্যোগ সবলীকৰণৰ বাবে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) ৰুৰকী আৰু ত্ৰিপুৰা গ্ৰাম্য জীৱিকা অভিযান (টিআৰএলএম)ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।
এই উপলক্ষে উপস্থিত থাকে ত্ৰিপুৰা চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ সচিব অভিষেক সিং আৰু আই আই টি ৰুৰকিৰ ডিজাইন বিভাগৰ মুৰব্বী অধ্যাপক এ. কে শৰ্মা। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে টি আৰ এল এমৰ চি ই অ’ তৰিত কান্তি চাকমা আৰু আই আই টি ৰুৰকী অধ্যাপক বিভুতি ৰঞ্জন ভট্টাচাৰ্যই।
এই তিনি বছৰীয়া অংশীদাৰিত্বই উত্তৰ ত্ৰিপুৰা, উনাকোটি আৰু ধলাই জিলাৰ ৫০০ মহিলা আত্মসহায়ক গোটৰ শিপিনীক সবলীকৰণ কৰিব। প্ৰযুক্তি, ডিজাইন উদ্ভাৱন, দক্ষতা বিকাশ, ব্ৰেণ্ডিং, উদ্যোগীকৰণ, আৰু ডিজিটেল বজাৰত প্ৰৱেশৰ একত্ৰীকৰণৰ দ্বাৰা পৰম্পৰাগত হস্ততাঁত খণ্ডটোক এক বহনক্ষম আৰু বজাৰমুখী জীৱিকা ব্যৱস্থালৈ ৰূপান্তৰিত কৰা হ’ব।
সচিব অভিষেক সিঙে কয় যে প্ৰকৃত প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ গৱেষণাগাৰৰ পৰা ক্ষেত্ৰলৈ গৱেষণা স্থানান্তৰ কৰাটো অতি প্ৰয়োজনীয়। অধ্যাপক এ.কে. শৰ্মাই কয় যে আই আই টি ৰুৰকিয়ে উন্নয়নমূলক পদক্ষেপত জড়িত হৈ স্থায়ী প্ৰভাৱ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। টি আৰ এল এমৰ মুখ্য কাৰ্যবাহী বিষয়া তাৰিত কান্তি চাকমাই কয় যে গ্ৰাম্য জনগোষ্ঠীলৈ জ্ঞান আৰু উদ্ভাৱন প্ৰচাৰৰ বাবে সন্মানীয় প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা গ্ৰহণ কৰা হৈছে।
এই সহযোগিতাই আই আই টিৰ ডিজাইন আৰু কাৰিকৰী বিশেষজ্ঞতাক টি আৰ এল এমৰ বিস্তৃত নেটৱৰ্কৰ সৈতে একত্ৰিত কৰিব। পৰম্পৰাগত শিল্পকলাৰ সৈতে সমসাময়িক ডিজাইনৰ সংমিশ্ৰণেৰে উৎপাদনশীলতা আৰু বজাৰত প্ৰৱেশ বৃদ্ধি কৰা হ’ব। অনুষ্ঠানত অধ্যাপক সৌৰভ অৰোৰা, অধ্যাপক কল্পক কুলকাৰ্ণী আৰু টি আৰ এল এমৰ বিষয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ