কামপুৰৰ পাছনিজাৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত
নগাঁৱ, ১২ অক্টোবৰ (হি.স.)। কামপুৰৰ পাছনিজাৰত পুৱা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। মেজিক আৰু বেটাৰী চালিত অট''ৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি। দুৰ্ঘটনাত দুজন নিহত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান মুহূৰ্তলৈকে চিনাক্ত হোৱা নাই নিহত লোক দুজন। ঘটনাস্থলীত আৰক্
কামপুৰৰ পাছনিজাৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত


নগাঁৱ, ১২ অক্টোবৰ (হি.স.)। কামপুৰৰ পাছনিজাৰত পুৱা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। মেজিক আৰু বেটাৰী চালিত অট'ৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি। দুৰ্ঘটনাত দুজন নিহত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান মুহূৰ্তলৈকে চিনাক্ত হোৱা নাই নিহত লোক দুজন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱ চিকিৎসা মহাবিদ্য়ালয় হস্পিতাললৈ প্ৰেৰণ কৰিছে।

লক্ষনীয় যে বেটাৰী চালিত গাড়ী, অটো সমূহ চলাচল কৰাৰ সময়ত তীব্ৰ গতি আৰু কোনো শব্দৰ সৃষ্টি নহোৱা বাবে বেটাৰী চালিত বাহন সমূহ সঘনাই দুৰ্ঘটনাত পতিত হই বুলি অনুমান কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande