নগৰবেৰাৰ টুপামাৰী আৰু দোকুছি পাহাৰপাৰাত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ পৃথকে পৃথকে অভিযান
কামৰূপ, ১২ অক্টোবৰ (হি.স.)। নগৰবেৰাৰ টুপামাৰী আৰু দোকুছি পাহাৰপাৰাত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ পৃথকে পৃথকে অভিযান ।অভিযানত ১ নং টুপামাৰীৰ শ্বহিদুল ইছলামৰ ঘৰৰ পৰা ৪০. ৪৮ গ্ৰাম গাঞ্জা আৰু নগৰবেৰাৰ দোকুছি পাহাৰৰ বাবুল দাসৰ ঘৰৰ পৰা ৩ কেজি ৫০০ গ্ৰাম গাঞ্জ
নগৰবেৰাৰ টুপামাৰী আৰু দোকুছি পাহাৰপাৰাত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ পৃথকে পৃথকে অভিযান


কামৰূপ, ১২ অক্টোবৰ (হি.স.)। নগৰবেৰাৰ টুপামাৰী আৰু দোকুছি পাহাৰপাৰাত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ পৃথকে পৃথকে অভিযান ।অভিযানত ১ নং টুপামাৰীৰ শ্বহিদুল ইছলামৰ ঘৰৰ পৰা ৪০. ৪৮ গ্ৰাম গাঞ্জা আৰু নগৰবেৰাৰ দোকুছি পাহাৰৰ বাবুল দাসৰ ঘৰৰ পৰা ৩ কেজি ৫০০ গ্ৰাম গাঞ্জা জব্দ কৰা হয়।

দুয়োৰে পৰা জব্দ কৰা হয় দুটা মোবাইল ফোন ।বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ তদাৰকীত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰজিৎ দাস আৰু টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চম্পক কলিতাৰ নেতৃত্বত নিশা যুটীয়া ভাৱে চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande