
শিৱসাগৰ, ১২ অক্টোবৰ (হি.স.)। শিমলুগুৰিৰ পৰা বেংগালুৰুলৈ যোৱা পথত সন্ধানহীন নাজিৰা সমজিলাৰ যুৱক। নাজিৰা সমজিলাৰ অন্তৰ্গত বিহুবৰৰ এজন যুৱক বিগত কেইদিনমানৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই পৰিয়ালটোত উদ্বেগৰ সৃষ্টি কৰিছে।
সন্ধানহীন যুৱকজনৰ নাম ৰাজেশ টোডো। তেওঁ পূজা টোডোৰ স্বামী। ঘৰ নাজিৰা সমজিলাৰ অন্তৰ্গত বিহুবৰ আৰক্ষী থানাৰ অধীনৰ ঔগুৰিজান গাঁও, ডাকঘৰ - বিহুবৰ, জিলা - শিৱসাগৰ, পিন - ৭৮৫৬৮৭।
পৰিয়ালৰ সূত্ৰে জানিব পৰা অনুসৰি, ৰাজেশ টোডোৱে শিমলুগুৰি জংচনৰ পৰা বেংগালুৰুলৈ ৰে'ল যাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰা আৰম্ভ কৰাৰ পিছৰে পৰা তেওঁৰ মোবাইল ফোন বন্ধ হৈ আছে আৰু পৰিয়ালৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। আত্মীয়-স্বজন আৰু সম্ভাব্য সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান উলিয়াব পৰা নাই।
উক্ত ঘটনা সন্দৰ্ভত কোনো সহৃদয় ব্যক্তিয়ে ৰাজেশ টোডোৰ সন্ধান লাভ কৰিলে বা ক'ৰবাত প্ৰত্যক্ষ কৰিলে তলত উল্লেখিত ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা কাতৰ আহ্বান জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু