ভাৰতবৰ্ষক অস্থিৰ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৰাহুল গান্ধী-দিলীপ শইকীয়া
কংগ্ৰেছ সহ ইণ্ডি ব্লকৰ ৰাজনৈতিক দলসমূহে সংসদীয় গণতন্ত্র আৰু সাংবিধানিক কাঠামোক কুঠাৰাঘাত কৰিছে: দিলীপ শইকীয়া গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। ভাৰতবৰ্ষক অস্থিৰ কৰিবৰ কাৰণে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি ব্লকৰ ৰাজনৈতিক দলসমূহ দেশৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰত
ৰাজ্য়িক বিজেপিৰ সভাপতি সাংসদ দিলীপ শইকীয়া


কংগ্ৰেছ সহ ইণ্ডি ব্লকৰ ৰাজনৈতিক দলসমূহে সংসদীয় গণতন্ত্র আৰু সাংবিধানিক কাঠামোক কুঠাৰাঘাত কৰিছে: দিলীপ শইকীয়া

গুৱাহাটী, ১২ অক্টোবৰ (হি.স.)। ভাৰতবৰ্ষক অস্থিৰ কৰিবৰ কাৰণে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি ব্লকৰ ৰাজনৈতিক দলসমূহ দেশৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ৰাজ্যিক বিজেপিৰ সভাপতি সাংসদ দিলীপ শইকীয়াই মতপোষণ কৰিছে। দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰি শইকীয়াই লগতে কয় যে-দেশত অস্থিৰতা বিয়পাবৰ বাবে বিদেশী শক্তিৰ সহযোগত আন্দোলনৰ নামত গভীৰ ষড়যন্ত্র অব্যাহত ৰাখিছে কংগ্ৰেছ নেতৃত্বাধীন একাংশ ৰাজনৈতিক দলে।

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে বিদেশী অপশক্তিৰ সহযোগত আন্দোলনৰ নামত অৰাজকতাৰ ৰাজনীতি কৰি আছে বুলি উল্লেখ কৰি শইকীয়াই লগতে কয় য়ে কংগ্রেছ দলে ভাৰতৰ স্পন্দনশীল গণতন্ত্রক দুৰ্বল কৰাৰ বাবে সকলোধৰণৰ দেশ বিৰোধী কাৰ্যত লিপ্ত হৈছে। দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত সংবাদমেলত ৰাজ্যিক সভাপতি শইকীয়াৰ লগতে উপ-সভাপতি ড০ অমিয় কুমাৰ ভূঞা, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় ক্রমে দিপ্লু ৰঞ্জন শৰ্মা আৰু অনুপ বর্মন তথা সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামী উপস্থিত থাকে ।

নির্বাচন আয়োগে ভোটাৰ তালিকা শুদ্ধীকৰণৰ বাবে আৰম্ভ কৰা এছ আই আৰ ৰ বিৰোধ কৰি কংগ্ৰেছ দল বিদেশী নাগৰিকৰ ভোট সুৰক্ষিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। কংগ্রেছ নির্বাচনত জিকিলে সকলো ভাল কিন্তু নির্বাচনত হাৰিলেই সকলো বেয়া হয় বুলি শইকীয়াই কটাক্ষ কৰি কয় যে বিৰোধী দলটোৱে ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰ বিৰুদ্ধে আক্রমণ নমাই আনি আমাৰ দেশৰ স্পন্দনশীল গণতন্ত্রক অস্থিৰ কৰাৰ বাতাবৰণ সৃষ্টি কৰিছে। দেশক অস্থিৰ কৰাৰ বাবে কংগ্ৰেছে ভাৰত বিৰোধী অপশক্তিৰো সহায় লোৱা বুলি শইকীয়াই অভিযোগ কৰি কয় যে ভাৰতক বিশ্বৰ বুকুত উজ্বলাবলৈ চেষ্টা কৰাটো কংগ্ৰেছে কেতিয়াও ভাল নাপায় ।

ভাৰতৰ গণতান্ত্রিক অনুষ্ঠানসমূহকো ৰাজনৈতিকভাবে ব্লেকমেইলিঙ কৰি আহিছে কংগ্রেছ দলে। কংগ্রেছ দলক এনে সমাজ বিৰোধী আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে তীব্র ভাষাৰে গৰিহণা দিয়ে ।

বিজেপি দলৰ ৰাজনৈতিক উত্থানত দিশহাৰা হৈ পৰা কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ সকলো নেতা পালিনেতা বর্তমান সময়ত ভীষণ হতাশা আৰু নিৰাশাত আক্রান্ত হৈছে। সেয়ে নিজৰ মানসিক অস্থিৰতাক ঢাকি ৰাখিবৰ বাবে দেশখনকে অস্থিৰতাৰ পিনে ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে কংগ্রেছ দলে। দেশক অস্থিৰ কৰাৰ বাবে কংগ্ৰেছ দলে ৰচনা কৰা গভীৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে বিজেপিয়ে ১৩ ৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যৰ সকলো জিলাত জনজাগৰণ সমদল অনুষ্ঠিত কৰিব। এই সমাৱেশৰ জৰিয়তে আমি ৰাইজক কংগ্ৰেছ দলৰ সংবিধান বিৰোধী কাম-কাজৰ বিৰুদ্ধে সজাগ কৰাৰ প্ৰয়াস কৰিম বুলি শইকীয়াই কয়।

উল্লেখযোগ্য যে কংগ্রেছে সাংবিধানিক প্রতিষ্ঠানসমূহক ভাবুকি প্রদান কৰি ব্লেকমেইলিঙৰ ৰাজনীতিবে সমগ্র দেশকে অস্থিৰ কৰাৰ লগতে এছ আই আৰৰ বিৰোধিতা কৰি অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা প্রদান কৰিছে। নির্বাচন আয়োগে ভোটাৰ তালিকাৰ শুদ্ধীকৰণৰ বাবে আৰম্ভ কৰা এছ আই আৰৰ বিৰোধিতা কৰি কংগ্ৰেছ দলে জনসাধাৰণৰ গণতান্ত্রিক ৰায়ক অৱমাননা কৰিছে বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মতপোষণ কৰে। দেশৰ স্পন্দনশীল গণতন্ত্ৰক আৰু অধিক সৱল কৰাৰ হকে আৰু ৰাষ্ট্ৰ বিৰোধী অপশক্তিৰ বিৰুদ্ধে আয়োজন কৰা সমদলৰ কথা উল্লেখ কৰি ৰাজ্যিক সভাপতি শইকীয়াই সংবাদমেলত ঘোষণা কৰে যে শাৰদীয় দূর্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্রথম পর্যায়ত ৭টা স্থানত যুৱ শক্তিৰ বিশাল যোগদানেৰে ক্ৰমে নলবাৰী, গুৱাহাটী, শিলচৰ, তেজপুৰ, বৰপেটা, যোৰহাট আৰু ডিব্ৰুগড়ত এই সমদল অনুষ্ঠিত কৰা হ'ব ।

উল্লেখযোগ্য যে ৰাষ্ট্ৰবিৰোধী চৰিত্ৰ আৰু দেশ বিৰোধী ৰাজনৈতিক অনুশীলনৰ বাবেই ইতিমধ্যে দেশৰ বহু ৰাজ্যত কংগ্ৰেছৰ ভেটি উচন গৈছে। তামিলনাডুত যোৱা ৫৯ বছৰে কংগ্ৰেছ জিকিব পৰা নাই। ঠিক একেদৰে পশ্চিম বংগত যোৱা ৪৯ বছৰ, ছিক্কিমত ৪২ বছৰ, উত্তৰ প্ৰদেশত ৩৭ বছৰ, বিহাৰত ৩৬ বছৰ, গুজৰাটত ৩০ বছৰ, ত্ৰিপুৰাত ৩৩ বছৰ, উৰিষ্যাত ২৬ বছৰ, নগালেণ্ডত ২২ বছৰ আৰু অসমত ১১ বছৰ কংগ্ৰেছ জিকিব পৰা নাই। ইমান বছৰে এই ৰাজ্যসমূহত যে কংগ্ৰেছ শোচনীয়ভাৱে পৰাজিত হৈ আছে তাৰ বাবে কি এছ আই আৰ ৰ দায়ী নেকি? সাংসদ শইকীয়াই বিৰোধী দলটোক এনেদৰে উভতাই প্রশ্ন কৰি কয় যে কংগ্ৰেছক ৰাইজে মনৰ পৰা ইতিমধ্যে নিলগত ৰাখিছে । সেয়ে এই দলটোৰ ভৱিষ্যত একেবাৰে শূন্য ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande