তামুলপুৰ- ধমধমা পথত ভূটানৰ বাছ দুৰ্ঘটনাগ্ৰস্থ,এজন নিহত
তামুলপুৰ, ১২ অক্টোবৰ (হি.স.)। তামুলপুৰ- ধমধমা পথত ভূটানৰ পৰা অহা এখন যাত্ৰীবাহী বাছৰ ভয়ংকৰ পথ দুৰ্ঘটনা। বিদ্যুতৰ খুঁটাত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয় বাছখন। এই দুৰ্ঘটনাত এজন ভূটানৰ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে বাছ খনত থকা কেইবাজনো যাত্ৰী আহত হোৱা বু
তামুলপুৰ- ধমধমা পথত ভূটানৰ বাছ দুৰ্ঘটনাগ্ৰস্থ,এজন নিহত


তামুলপুৰ, ১২ অক্টোবৰ (হি.স.)। তামুলপুৰ- ধমধমা পথত ভূটানৰ পৰা অহা এখন যাত্ৰীবাহী বাছৰ ভয়ংকৰ পথ দুৰ্ঘটনা। বিদ্যুতৰ খুঁটাত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয় বাছখন। এই দুৰ্ঘটনাত এজন ভূটানৰ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে বাছ খনত থকা কেইবাজনো যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। ধমধমাৰ ৰাজপথত সংঘটিত হয় উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, ভূটানৰ পৰা অহা যাত্ৰীবাহী বাছখনে ধমধমাত বিদ্যুৎ বিভাগৰ এটা খুঁটাত খুন্দা মাৰে। ফলত বাছখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাটোৰ ফলত এজন ভূটানৰ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে বাছ খনত থকা কেইবাজনো যাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ পঞ্জীয়ন নম্বৰ হৈছে বিপি-২-এ ০১৫৫। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ধমধমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande