বিমষ্টেকৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ ৰাওনা নেপালৰ গৃহমন্ত্ৰী চুডান গুৰুং, অমিত শ্বাহৰ সৈতে সাক্ষাৎ
কাঠমাণ্ডু, ১২ অক্টোবৰ (হি.স.)। ভাৰত ভ্ৰমণৰ বাবে ৰাওনা হৈছে নেপালৰ গৃহমন্ত্ৰী চুডান গুৰুং। কিছু সময়ৰ পূৰ্বে তেওঁ কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল। বহু খণ্ডৰ কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে বে অৱ বেংগল ইনিচিয়েটিভ
नेपाल के गृहमंत्री सुदन गुरूंग


কাঠমাণ্ডু, ১২ অক্টোবৰ (হি.স.)। ভাৰত ভ্ৰমণৰ বাবে ৰাওনা হৈছে নেপালৰ গৃহমন্ত্ৰী চুডান গুৰুং। কিছু সময়ৰ পূৰ্বে তেওঁ কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল।

বহু খণ্ডৰ কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে বে অৱ বেংগল ইনিচিয়েটিভ (বিমষ্টেক)ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ভাৰত ভ্ৰমণ কৰিছে গৃহমন্ত্ৰী গুৰুঙে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বৈঠকত নেপালৰ গৃহমন্ত্ৰী, ভাৰতৰ অমিত শ্বাহ, বাংলাদেশৰ চালাহুদ্দিন আহমেদ, ভূটানৰ লুংটেন দৰ্জী, ম্যানমাৰৰ লেফটেনেণ্ট জেনেৰেল নিউন্ত উইন শ্বে, শ্ৰীলংকাৰ বিজিতা হেৰাথ, আৰু থাইলেণ্ডৰ অনুটিন চানভিৰকুল উপস্থিত থাকিব।

ভাৰত ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰী চুডান গুৰুঙে ভাৰতীয় সমকক্ষ অমিত শ্বাহৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ১৪ অক্টোবৰত ঘৰলৈ উভতি আহিব গৃহমন্ত্ৰী গুৰুং । এয়া তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ ।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande