
তৈলপাম আৰু উদ্যানশস্যৰ সম্প্ৰসাৰণ, উন্নত জলসিঞ্চন ব্যৱস্থা আৰু কৃষকক সহায়ৰ ওপৰত গুৰুত্ব আৰোপ
ডিমা হাছাও, ১২ অক্টোবৰ (হি.স.)। অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাই আজি হাফলঙত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন কক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ চলি থকা কাম-কাজ তথা উন্নয়নমূলক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। বৈঠকত জিলাখনৰ কৃষি আৰু উদ্যানশস্যৰ সম্ভাৱনা, জলসিঞ্চন আন্তঃগাঁথনিৰ উন্নয়ন আৰু কৃষকৰ আয় বৃদ্ধিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়।
ডিমা হাছাও জিলাত তৈলপাম খেতিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষত জিলাখনত প্ৰায় ৪,১৯৩ হেক্টৰ ভূমি তৈলপাম খেতিৰ বাবে চিনাক্ত কৰি ইয়াৰ খেতি কৰা হৈছে। তেওঁ তৈলপাম খেতিৰ অধিক সম্প্ৰসাৰণৰ লগতে উদ্যানশস্যৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত কল, এপল বেৰ, আদা, ড্ৰেগন ফ্ৰুট আৰু আনাৰসৰ দৰে শস্যৰ খেতি বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হয়। লগতে পাঁচৰ পৰা সাত লাখ পুলি বিতৰণৰ প্ৰস্তাৱৰ বিষয়েও আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰী চিনাক্তকৰণ আৰু আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।
জলসিঞ্চন আন্তঃগাঁথনিৰ পৰ্যালোচনাৰ সময়ত বৈঠকত অৱগত কৰা হয় যে জিলাখনত বৰ্তমান ৮৪টা জলসিঞ্চন আঁচনিৰ কাম সফলতাৰে চলি আছে, যাৰ জৰিয়তে প্ৰায় ৩,১৭০ হেক্টৰ কৃষিভূমি সামৰি লোৱা হৈছে। আনহাতে, প্ৰায় ১২,০০০ হেক্টৰ ভূমিত জলসিঞ্চনৰ সম্ভাৱনা সৃষ্টি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱিত বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ জলসিঞ্চন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। তেওঁ কৃষি আৰু জলসিঞ্চন বিভাগৰ মাজত উন্নত সমন্বয় ৰক্ষা কৰিবলৈ বিষয়াসকলক আহ্বান জনোৱাৰ লগতে যোগ্য কৃষকসকলক পি এম-কিষাণ আঁচনিৰ পঞ্জীয়ন সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। জিলাখনত এই আঁচনিৰ অধীনত প্ৰায় ২২,০০০ কৃষকে সুবিধা লাভ কৰি আছে।
পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে চান্দপুৰ নগৰ, কালাচান্দত চলি থকা জলসিঞ্চন আঁচনিখন পৰিদৰ্শন কৰে। এই আঁচনিখনে ১২খন গাঁৱৰ ৩০০ হেক্টৰতকৈও অধিক কৃষিভূমি সামৰি লৈছে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰ্লোছা আৰু কৃষি তথা জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ কাৰ্যক্ষমতা আৰু উপযোগিতা পৰীক্ষা কৰে। জিলাখনৰ কৃষি খণ্ডৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ উপযুক্ত স্থানসমূহত বৃহৎ জলসিঞ্চন প্ৰকল্প ৰূপায়ণৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে।
পাছত মন্ত্ৰীগৰাকীয়ে হাডিংমা গুঞ্জুং ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ও পৰিদৰ্শন কৰে। প্ৰায় ৫০০ গৰাকী পঞ্জীয়নভুক্ত কৃষক থকা এই কৃষক উৎপাদক কোম্পানীটোৰ কৃষকসকলে আদা, হালধি, কল, তামোল, আনাৰস, অমিতা আদি বিভিন্ন শস্যৰ খেতি কৰে। কোম্পানীটোৱে অহা বছৰৰ ভিতৰত ভাৰতৰ প্ৰথমটো হিচাপে ডেমিটাৰ প্ৰমাণপত্ৰ লাভ কৰাৰ লক্ষ্য গ্ৰহণ কৰা বিষয়টোও উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ জৰিয়তে বহনক্ষম আৰু বায়’ডাইনামিক কৃষি পদ্ধতিৰ প্ৰসাৰত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে। টোক অধিক শক্তিশালী কৰাৰ বাবে সম্ভাব্য সহায়, দক্ষতা বিকাশৰ প্ৰশিক্ষণ, উন্নত বজাৰ সংযোগ তথা কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে, তাৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। এই ভ্ৰমণৰ সময়তে মন্ত্ৰীগৰাকীয়ে কৃষক তপন হাফলংবাৰৰ কৃষিভূমিও পৰিদৰ্শন কৰে আৰু তেওঁৰ কৃষিকাৰ্য তথা অভিজ্ঞতাৰ বিষয়ে মত বিনিময় কৰে।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে পুৰণা কংকুৰী, হামৰিত থকা তৈলপাম খেতিৰ এখন পথাৰ পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ তৈলপাম খেতিৰ প্ৰসাৰৰ লগতে কৃষকসকলৰ অতিৰিক্ত আয় নিশ্চিত কৰাৰ বাবে উপযুক্ত অন্যান্য শস্যৰ খেতি আৰু আন্তঃশস্য খেতিৰ সম্ভাৱনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰীগৰাকীৰ এই পৰ্যালোচনা বৈঠক আৰু ক্ষেত্ৰ পৰিদৰ্শনে ডিমা হাছাও জিলাৰ কৃষি খণ্ডৰ সম্ভাৱনাক পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ প্ৰতিফলিত কৰে। কৃষি উৎপাদন বৃদ্ধি, জলসিঞ্চন আন্তঃগাঁথনিৰ উন্নয়ন, কৃষক উৎপাদক সংস্থাসমূহক শক্তিশালী কৰা আৰু চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে কৃষকসকলৰ জীৱন-জীৱিকাৰ মান উন্নত কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী