বোকাখাতৰ ১৩ গৰাকী আশা ছুপাৰভাইজাৰ আৰু ১৫৯ গৰাকী আশা কৰ্মীক এককালীন প্ৰেৰণাদায়ক মাননী আৰু প্ৰশংসা পত্ৰ বিতৰণ মন্ত্ৰী অতুল বৰাৰ
গোলাঘাট, ১২ অক্টোবৰ (হি.স.)। বোকাখাতৰ ১৩ গৰাকী আশা ছুপাৰভাইজাৰ আৰু ১৫৯ গৰাকী আশা কৰ্মীক এক হাজাৰ টকাৰ এককালীন প্ৰেৰণাদায়ক মাননী আৰু প্ৰশংসা পত্ৰ বিতৰণ মন্ত্ৰী অতুল বৰাৰ ৷ বোকাখাত নাট্য মন্দিৰত আয়োজিত সভাত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থকা কাজিৰঙাৰ সা
বোকাখাতৰ ১৩ গৰাকী আশা ছুপাৰভাইজাৰ আৰু ১৫৯ গৰাকী আশা কৰ্মীক এককালীন প্ৰেৰণাদায়ক মাননী আৰু প্ৰশংসা পত্ৰ বিতৰণ মন্ত্ৰী অতুল বৰাৰ


গোলাঘাট, ১২ অক্টোবৰ (হি.স.)। বোকাখাতৰ ১৩ গৰাকী আশা ছুপাৰভাইজাৰ আৰু ১৫৯ গৰাকী আশা কৰ্মীক এক হাজাৰ টকাৰ এককালীন প্ৰেৰণাদায়ক মাননী আৰু প্ৰশংসা পত্ৰ বিতৰণ মন্ত্ৰী অতুল বৰাৰ ৷ বোকাখাত নাট্য মন্দিৰত আয়োজিত সভাত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থকা কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ভাষণ প্ৰসঙ্গত কম মাননীৰে আশাকৰ্মী সকলে কৰি অহা ত্যাগৰ কথা উল্লেখ কৰি মানৱ সেৱাত ব্ৰতী থকা আশাকৰ্মী সকলৰ শলাগ লয় ৷

আনহাতে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই আশাকৰ্মী সকলৰ ত্যাগৰ শলাগ লয় ৷ আশাকৰ্মী সকলে যিমান ত্যাগ কৰি সেৱা আগবঢ়ায়, তাৰ তুলনাত এই মাননী একোৱেই নহয় বুলি উল্লেখ কৰে ৷ আনহাতে আশাকৰ্মী সকলে এই প্ৰেৰণামুলক মাননী লাভ কৰিছে যদিও সন্তুষ্ট নহয় আশাকৰ্মী সকল ৷ ২০০৬ চনৰ পৰা ২০২৬ চনলৈকে একে বেতনতে কাম কৰি থাকি পৰিয়াল পোহপাল দিয়াত বহু অসুবিধা হৈছে ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী তথা স্বাস্থ্য বিভাগক মাননী বৃদ্ধিৰ বাবে আহ্বান জনাইছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande