
দৰং, ১২ অক্টোবৰ (হি.স.)। চণ্ডী পাঠেৰে নৱৰাত্ৰিৰ দ্বিতীয় দিনৰ দিনা পুজা অৰ্চনা আৰম্ভ।
মঙলদৈৰ বামুণপাৰা আঞ্চলিক সাৰ্বজনীন স্থায়ী দুৰ্গা মন্দিৰত এইদৰে নৱৰাত্ৰিৰ পুজা আৰম্ভ হৈছে।
চণ্ডী পাঠ, ওজাপালিৰে নৱৰাত্ৰিৰ দ্বিতীয় দিনত দুৰ্গা পূজাৰ অংশ হিচাপে মা দুৰ্গাৰ ব্ৰহ্মচাৰিণী ৰূপৰ পুজা আৰম্ভ।
বামুনপাৰাৰ দুৰ্গা পূজা স্থলীত এক উৎসৱমুখৰ পৰিৱেশ। পুজা স্থলীত কেইবা শ ভক্তপ্ৰাণ ৰাইজ গোট খাই পুজাৰ আৰাধনা কৰা পৰিলক্ষিত হৈছে।জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সকল আহি পুজা স্থলীত ভীৰ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা