নগাঁও-মৰিগাঁও পথত সংঘটিত দুৰ্ঘটনাত আহতক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ সাংসদৰ
নগাঁও, ১২ অক্টোবৰ (হি.স.)। নগাঁও-মৰিগাঁও পথত ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত লোকক উদ্ধাৰ কৰি মহানুভৱতা প্ৰদৰ্শন কৰিলে নগাঁৱৰ নৱ-নিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাই। চিধা নগাঁও-মৰিগাঁও পথৰ বাৰপূজীয়া জৰাবাৰী মাজত এএছ ০৯কে ৬৯৯৩ নম্বৰ স্কুটি বাহন খন এক পথ
নগাঁও-মৰিগাঁও পথত সংঘটিত দুৰ্ঘটনাত আহতক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ সাংসদৰ


নগাঁও, ১২ অক্টোবৰ (হি.স.)। নগাঁও-মৰিগাঁও পথত ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত লোকক উদ্ধাৰ কৰি মহানুভৱতা প্ৰদৰ্শন কৰিলে নগাঁৱৰ নৱ-নিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাই। চিধা নগাঁও-মৰিগাঁও পথৰ বাৰপূজীয়া জৰাবাৰী মাজত এএছ ০৯কে ৬৯৯৩ নম্বৰ স্কুটি বাহন খন এক পথ দুৰ্ঘটনাত পতিত হোৱাত গুৰুতৰ ভাবে আহত হই স্কুটি আৰোহী গৰাকী।

ঠিক সেই সময়তে সেই পথেৰে পাৰ হৈ গৈছিল নগাঁৱৰ সাংসদ দেৱাশীষ শৰ্মাৰ কনভয়। দুৰ্ঘটনা প্ৰত্যক্ষ কৰিয়েই থমকি ৰ’ল সাংসদ গৰাকীৰ বাহন। কনভয়ৰ পৰা নামি আহি সাংসদ শৰ্মাই নিজে দাঙি ততাতৈয়াকৈ আহত লোকজনক উদ্ধাৰ কৰি আৰু চৰকাৰী নিয়ম বা এম্বুলেন্সৰ বাবে অপেক্ষা নকৰি নিজৰ কনভয়ৰ গাড়ীতে উঠাই মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande