দেৰগাঁৱত জব্দ বৃহৎ পৰিমানৰ মনিপুৰি গাঞ্জা আৰু ড্ৰাগছ
গোলাঘাট, ১২ অক্টোবৰ (হি.স.)। একেটা দিনত দেৰগাঁৱত জব্দ বৃহৎ পৰিমানৰ মনিপুৰি গাঞ্জা আৰু ড্ৰাগছ। দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বসন্ত শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে নিশা দুটাকৈ স্থানত চলাই অভিযান। দেৰগাঁৱৰ ৰঙামাটিৰ বাবুল দাস নামৰ ব্যক্তি জনৰ
দেৰগাঁৱত জব্দ বৃহৎ পৰিমানৰ মনিপুৰি গাঞ্জা আৰু ড্ৰাগছ


গোলাঘাট, ১২ অক্টোবৰ (হি.স.)। একেটা দিনত দেৰগাঁৱত জব্দ বৃহৎ পৰিমানৰ মনিপুৰি গাঞ্জা আৰু ড্ৰাগছ। দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বসন্ত শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে নিশা দুটাকৈ স্থানত চলাই অভিযান। দেৰগাঁৱৰ ৰঙামাটিৰ বাবুল দাস নামৰ ব্যক্তি জনৰ ঘৰত অভিযান চলাই জব্দ কৰা হৈছে প্ৰায় ৯১৬ গ্ৰাম ওজনৰ মনিপুৰি গাঞ্জা।

ব্যক্তি জনৰ ঘৰৰ পৰা জব্দ কৰা হৈছে এখন ইয়ন বাহন। ইয়াৰ উপৰিও নিশাই অভিযান চলাই দেৰগাঁৱৰ দক্ষিন দলিজলিয়াত গোপন সুত্ৰৰ পম খেদি মনেশ্বৰ দাস নামৰ যুৱক জনৰ ঘৰত অভিযান চলাই জব্দ কৰে ৫.৪৯ গ্ৰাম ড্ৰাগছ। আটক কৰা হৈছে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত মনেশ্বৰ দাস নামৰ যুৱক জনক।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande