ডিগবৈত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ
তিনিচুকিয়া, ১২ অক্টোবৰ (হি.স.)। ডিগবৈত বুজন পৰিমাণৰ গাঞ্জা আৰু হেৰ''ইনসহ দুজনক আটক কৰি জেললৈ প্ৰেৰণ। ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত চলোৱা অভিযানত বুজন পৰিমাণৰ গাঞ্জা আৰু হিৰ''ইনসহ দুজনক আটক কৰি আজি তিনিচুকীয়া জে
ডিগবৈত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ


তিনিচুকিয়া, ১২ অক্টোবৰ (হি.স.)। ডিগবৈত বুজন পৰিমাণৰ গাঞ্জা আৰু হেৰ'ইনসহ দুজনক আটক কৰি জেললৈ প্ৰেৰণ। ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত চলোৱা অভিযানত বুজন পৰিমাণৰ গাঞ্জা আৰু হিৰ'ইনসহ দুজনক আটক কৰি আজি তিনিচুকীয়া জেললৈ প্ৰেৰণ কৰে।

ডিগবৈ মৈত্ৰী মন্দিৰৰ সমীপৰ নিবাসী প্ৰয়াত বীৰ বাহাদুৰ লামাৰ পুত্ৰ ৩২ বছৰীয়া ৰাজ বাহাদুৰ লামা জিম্মাৰ পৰা ২৬.২৬ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সন্দৰ্ভত এন ডি পি এছ এক্টত ১০৩/২০২৬ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা বিপৰীতে ডিগবৈ পাৰ্শ্বৱতী টিংৰাই বন গাঁৱৰ বাসিন্দা প্ৰয়াত ক্ষীৰেশ্বৰ ৰাজবংশীৰ পুত্ৰ ৫৮ বছৰীয়া নগেন ৰাজবংশীৰ জিম্মাৰ পৰা ৯৪.৩৫ গ্ৰাম গাঞ্জা আৰক্ষীয়ে জব্দ কৰে।

ঘটনাৰ সন্দৰ্ভত ডিগবৈ থানাত এন ডি পি এছ এক্টত ১০২/২০২৬ নম্বৰত আন এটা গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত দুজনক আজি তিনিচুকীয়া জেললৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande