
নতুন দিল্লী, ১২ অক্টোবৰ (হি.স.)। দিল্লী আৰক্ষীয়ে নিৰ্দিষ্ট প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা যন্তৰ মন্তৰক আঁতৰাই তাৰ পৰিৱৰ্তে ৰামলীলা ময়দান, বুৰাৰী ময়দান আৰু পূব দিল্লীৰ চিবিডি খেলপথাৰক নতুন স্থান হিচাপে নিৰ্ধাৰণ কৰিছে। এই সন্দৰ্ভত ১১ অক্টোবৰত আৰক্ষী আয়ুক্ত অনুৰাগ কুমাৰে স্থায়ী নিৰ্দেশ জাৰি কৰিছিল।
এই নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰা এখন কমিটীৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে। নাগৰিকৰ প্ৰতিবাদৰ অধিকাৰক সন্মান জনোৱাৰ সমান্তৰালকৈ যন্তৰ মন্তৰৰ বিকল্প বিচাৰি উলিওৱাৰ দায়িত্ব দিয়া হৈছিল সমিতিখনক।
দিল্লী আৰক্ষীয়ে জনোৱা মতে, ৰামলীলা ময়দান, বুৰাৰী ময়দান আৰু চিবিডি খেলপথাৰত প্ৰতিবাদ অনুষ্ঠিত কৰাৰ বাবে পৃথকে পৃথকে বিশদ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছঅ’পি) জাৰি কৰা হ’ব। এইবোৰত প্ৰতিবাদৰ অনুমতি লাভৰ সম্পৰ্কে নিৰ্দেশনা, অনুষ্ঠান আয়োজনৰ চৰ্ত, আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাৰ ৰূপৰেখা দাঙি ধৰা হ’ব।
এই আদেশে ২০২২ চনৰ ২৮ এপ্ৰিলত জাৰি কৰা স্থায়ী আদেশৰ আংশিক সংশোধন কৰিছে। দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়া আৰু সকলো জিলা আৰক্ষী ইউনিটলৈ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে।
যন্তৰ মন্তৰ দীৰ্ঘদিন ধৰি বিভিন্ন ৰাজনৈতিক দল, সামাজিক সংগঠন, আৰু অন্যান্য গোটৰ প্ৰতিবাদৰ এক প্ৰধান স্থান হৈ আহিছে। ইয়াত প্ৰতিবাদ অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীৰ পূৰ্বৰ অনুমতি আৰু নিৰ্ধাৰিত চৰ্ত মানি চলাটো বাধ্যতামূলক আছিল। নতুন নিৰ্দেশৰ পিছত প্ৰতিবাদকাৰীয়ে প্ৰযোজ্য নিয়ম অনুসৰি নিৰ্দিষ্ট বিকল্প স্থানত অনুমতি ল’ব লাগিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া