দক্ষিণ শালমাৰাত গাঞ্জা খেতি উচ্ছেদ
দক্ষিণ শালমাৰা, ১২ অক্টোবৰ (হি.স.)। দক্ষিণ শালমাৰাত গাঞ্জা খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। উচ্ছেদ কৰা হ’ল গাঞ্জা খেতি, আটক এগৰাকী মহিলা, পলাতক স্বামী। দক্ষিণ শালমাৰা আৰক্ষীৰ গাঞ্জা খেতিৰ বিৰুদ্ধে অভিযান। কলাবাৰী গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ
দক্ষিণ শালমাৰাত গাঞ্জা খেতি উচ্ছেদ


দক্ষিণ শালমাৰা, ১২ অক্টোবৰ (হি.স.)। দক্ষিণ শালমাৰাত গাঞ্জা খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

উচ্ছেদ কৰা হ’ল গাঞ্জা খেতি, আটক এগৰাকী মহিলা, পলাতক স্বামী।

দক্ষিণ শালমাৰা আৰক্ষীৰ গাঞ্জা খেতিৰ বিৰুদ্ধে অভিযান। কলাবাৰী গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা খেতি উচ্ছেদ কৰিলে আৰক্ষীয়ে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে।

জানিব পৰা অনুসৰি, দক্ষিণ শালমাৰা থানা এলেকাৰ কলাবাৰী গাঁৱত মতলেব আলী নামৰ এজন ব্যক্তিৰ ঘৰত দীৰ্ঘদিন ধৰি গাঞ্জা খেতি কৰি নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছিল।

স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আজি দক্ষিণ শালমাৰা আৰক্ষীয়ে মতলেব আলীৰ ঘৰত অভিযান চলায়।

অভিযান কালত আৰক্ষীয়ে গাঞ্জা খেতি উচ্ছেদ কৰাৰ লগতে মতালেব আলীৰ পত্নী ছমিৰণ নেছাক আটক কৰি থানালৈ লৈ যায়।

ইপিনে, আৰক্ষীৰ অভিযানৰ উমান পাই মতালেব আলীয়ে ঘৰৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে।

বৰ্তমান ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande